অসম

assam

ৰঙিয়াৰ শিৱমন্দিৰত ভক্তৰ ভিৰ

By

Published : Feb 18, 2023, 5:19 PM IST

ETV Bharat / videos

Mahashivratri 2023: ৰঙিয়াৰ শিৱমন্দিৰত ভক্তৰ ভিৰ

মাজুলী,১৮ ফ্ৰেব্ৰুৱাৰী: আজি পৱিত্ৰ মহা শিৱৰাত্ৰি । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ চুকে কোণে শিৱৰাত্ৰি উপলক্ষে দেখা গৈছে ব্যাপক উচাহ(Maha Shivratri Mahotsav celebrated across the country) । পুৱাৰে পৰা বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশ । লগে লগে সমগ্ৰ ৰাজ্যৰ মন্দিৰে মন্দিৰে দেখা গৈছে ভক্তৰ ব্য়াপক সমাগম( Mahasivratri 2023 celebrated in assam ) । নীলকণ্ঠ মহাদেৱৰ আশীষ বিচাৰি ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰসমূহত । মহাদেৱৰ বন্দনাৰে বন্দিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ আকাশ-বতাহ ।

স্মৰ্তব্য যে প্ৰত্যেক বছৰে উলহ-মালহেৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত পালন কৰা হয় মহাশিৱৰাত্ৰি (Mahashivratri 2023)। এক ধৰ্মীয় বিশ্বাস অনুসৰি আজিৰ দিনটোতে ভগৱান শিৱ আৰু পাৰ্বতীৰ শুভ বিবাহ সম্পন্ন হৈছিল (Mahashivratri 2023 Timing)। সেই কাৰণেই আজিৰ এই বিশেষ দিনটোত দেৱাদিদেৱ মহাদেৱক পূজা কৰিলে সু-ফল পোৱা যায় বুলি এক জনবিশ্বাস আছে । সেই বিশ্বাসতেই দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে শিৱৰ আৰাধনা স্থলীসমূহত ভক্তই আশীষ ল'বলৈ ভিৰ কৰা পৰিলক্ষিত হয় (Shivaratri celebrated in Rangia) । 

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ৰঙিয়াতো শনিবাৰে উলাহ-মালহেৰে শিৱৰাত্ৰি পূজা পালন কৰা হয় । ৰঙিয়াৰ শিৱ মন্দিৰত শিৱৰাত্ৰি পূজাৰ ব্যাপক আয়োজন চলিছে । শিৱ মন্দিৰবোৰতো পুৱাৰ পৰাই ভক্ত সকলে ভিৰ কৰিছে । পূজা-অৰ্চনাৰ বাবে শৰাই-নৈবদ্য আগবঢ়াইছে ভক্ত সকলে । যুৱতী-মহিলা সকলে পুৱাৰ পৰা চাকি-বন্তি প্ৰজ্বলন কৰি নিজৰ নিজৰ মনোবাঞ্চা পূৰণ কৰাৰ বাবে পূজা-অৰ্চনা কৰা পৰিলক্ষিত হৈছে । 

নিজ মনোবাঞ্চা পূৰণৰ বাবে প্ৰভু শিৱৰ ওচৰত আৰাধনা কৰিছে । শিৱৰাত্ৰি পূজা উপলক্ষে এক আনন্দময় তথা আধ্যাত্মিক পৰিবেশৰ সৃষ্টি হৈছে । শিৱ পূজাৰ ৰূপালী জয়ন্তী উপলক্ষে ধৰ্মীয় শোভাযাত্ৰাও উলিওৱা হয় ৰঙিয়াৰ চোছাইটিত । নিশালৈ বহু মন্দিৰত নাম-কীৰ্তনৰো আয়োজন কৰিছে উদ্যোক্তাসকলে । লগতে ভক্তক ভোগ দিয়াৰ বাবে উদ্যোক্তাসকলে ভোগৰ মহা আয়োজন কৰা পৰিলক্ষিত হৈছে । 

লগতে পঢ়ক:Assam Govt in Debt : দুটা মাহতেই তিনি সহস্ৰাধিক কোটি টকাৰ ঋণ ল’লে অসম চৰকাৰে

ABOUT THE AUTHOR

...view details