অসম

assam

শাৰীৰিক অক্ষমতাত প্ৰত্যাহ্বান জনাই জিলিকিল চেহনাজ আৰু ৰাচিদুল

ETV Bharat / videos

HSLC Results 2023: শাৰীৰিক অক্ষমতাত প্ৰত্যাহ্বান জনাই জিলিকিল চেহনাজ আৰু ৰাচিদুল - HSLC Results 2023

By

Published : May 22, 2023, 10:23 PM IST

গুৱাহাটী, ২২ মে':কাণেৰে নুশুনিলেও সকলোবোৰ বুজি পায় চেহনাজ আৰু ৰাচিদুলে (HSLC Results 2023) । শাৰীৰিক অক্ষমতাত প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি চেহনাজ আৰু ৰাচিদুলে ছেবাই সদ্যঘোষিত ২০২২-২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সকলোকে যেন বুজাই দিলে সকলোবোৰ নাথাকিলেও সিহঁত সম্পূৰ্ণ, অনন্য ।  

আজি ঘোষণা কৰা ফলাফল অনুসৰি মহানগৰীৰ বীৰকুচি বিহগী নগৰস্থিত সৰস্বতী বাগধ্বনি জাতীয় বিদ্যালয়ৰ (Saraswati Bagdhwani Jatia Vidyalaya) পৰা শিক্ষাৰ্থী দুগৰাকী অৱতীৰ্ণ হৈ লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হয় । সাতগাঁও নিবাসী আব্দুল কুদ্দুচৰ দ্বিতীয়া কন্যা চেহনাজ পাৰবিনে মুঠ ৬০০ নম্বৰৰ ভিতৰত ৪৬২ নম্বৰ লাভসহ ৭৭ শতাংশ নম্বৰ লাভ কৰি ইংৰাজী, গণিত আৰু ফাইন আৰ্টছত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে (Shehnaz and Rashidul challenge physical disability) ।  

তেনেদৰে গোৱালপাৰা জিলাৰ খৰমুজা গাঁৱৰ বাসিন্দা ৰেজাউল ইছলামৰ একমাত্ৰ পুত্ৰ ৰাচিদুল ইছলামে মুকবধিৰ বিদ্যালয়খনৰ গুৰুগৃহত থাকি শিক্ষা গ্ৰহণ কৰি আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফাইন আৰ্টছত লেটাৰ নম্বৰসহ মুঠ ৬০০ নম্বৰৰ ভিতৰত ৪২২ নম্বৰৰ সহ ৭০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । 

লগতে পঢ়ক:HSLC results 2023: মেট্ৰিকত শীৰ্ষস্থান প্ৰাপ্ত হৃদম ঠাকুৰীয়াৰ শিক্ষাৰ দায়িত্ব ল’লে মন্ত্ৰী অশোক সিংহলে

ABOUT THE AUTHOR

...view details