Flood in Lakhimpur: 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰিছে পানী; জাল পল লৈ মাছ ধৰাত ব্যস্ত ৰাইজ - বাঢ়নী পানীৰ সোঁতৰ প্ৰকোপ বৃদ্ধি
Published : Aug 28, 2023, 1:33 PM IST
|Updated : Aug 28, 2023, 2:30 PM IST
বিহপুৰীয়া, 28 আগষ্ট: দেওবাৰে নিশাৰে পৰা নেৰানেপেৰা বৰষুণ হৈ থকাৰ ফলত লখিমপুৰ জিলাৰ নাওবৈছা সমষ্টিৰ বিভিন্ন ঠাই এতিয়া জলমগ্ন হৈ পৰিছে । জিলাখনৰ লগতে অৰুণাচলত নেৰানেপেৰা বৰষুণ হৈ থকাত বগলী নদীৰ বাঢ়নী পানী পুৱাৰ ভাগত হাৰমতী চেইণ্ট জেভিয়াৰ্ছ স্কুলৰ সন্মুখৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰৰেদি বাগৰি গৈছে ৷ ফলত সমগ্ৰ অঞ্চলটো বুৰ গৈছে পানীৰ তলত ৷
বগলী নদীৰ বাঢ়নীৰ বাগৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত মাছৰ উজান উঠা দেখিবলৈ পোৱা গৈছে ৷ বানৰ মাজতে একাংশ লোকে মাছ ধৰিবলৈ হেতা ওপৰা কৰা পৰিলক্ষিত হৈছে । ইপিনে অঞ্চলটো জলমগ্ন হৈ পৰাত অধিকাংশ লোকৰ ঘৰৰ ভিতৰত একঁকাল পৰ্যন্ত পানী সোমাইছে ৷
এই বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি সাধন কৰা পৰিলক্ষিত হৈছে । লগতে বাৰীৰ শাক পাচলি, পুখুৰীৰ মাছ, হাঁহ-কুকুৰা ইত্যাদি বাঢ়নী পানীয়ে উটুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে । আনহাতে, ক্ৰমাৎ এই বাঢ়নী পানীৰ সোঁতৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে ৷ ফলত পুৱাৰ ভাগতে হাৰমতী চেণ্ট জেভিয়াৰ্ছ স্কুল বন্ধ কৰিবলৈ বাধ্য হয় বিদ্যালয় কৰ্তৃপক্ষই ।
লগতে পঢ়ক :Flood in Dibrugarh : ডিব্ৰুগড়ত বিপদ সীমাৰ প্ৰায় 1 মিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ