Murder in Nazira: নাজিৰাৰ ৰঙাজানত হোলীৰ আনন্দৰ মাজতে হত্যাকাণ্ড - মেকিপুৰৰ ৰঙাজানত হোলীৰ আনন্দৰ মাজতে
আমগুৰি, ৯ মাৰ্চ:শিৱসাগৰ জিলাৰ নাজিৰা আৰক্ষী থানাৰ অন্তৰ্গত মেকিপুৰৰ ৰঙাজানত হোলীৰ আনন্দ উল্লাসৰ মাজতে বুধবাৰে এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় (Sensational murder at Nazira)। জিলাখনৰ নাজিৰাৰ মেকিপুৰৰ ৰঙাজান লাইনত অজিত মানকি নামৰ লোকজনৰ দাৰ ঘাপত মৃত্যু হয় দেউনাথ মুণ্ডা নামৰ এজন যুৱকৰ । ম'বাইল চোৱাৰ কাৰণেই তৰ্কাতৰ্কিত লিপ্ত হৈ অজিত মানকিৰ দাৰ ঘাপত থিতাতে নিহত হয় দেউনাথ মুণ্ডা ।
দেউনাথৰ পৰিয়ালৰ লোকে কয় যে, অজিত মানকিৰ কন্য়াৰ সৈতে দেউনাথে প্ৰায়েই একেলগে মোবাইল চাইছিল । কালিও একেলগে মোবাইল চোৱাৰ পিছতেই ঘটনাটো সংঘটিত হয় । এই হত্যাকাণ্ডটো সংঘটিত কৰিয়েই অজিত মানকিয়ে পলায়ন কৰে । ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত নাজিৰা আৰক্ষী উপস্থিত হৈ দেউনাথ মুণ্ডাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Nazira Police Station)। হোলীৰ আনন্দৰ মাজতে সংঘটিত এই ঘটনাই মেকিপুৰৰ ৰঙাজানত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক:Suspected Jihadi arrested: নগাঁৱত গ্ৰেপ্তাৰ হোৱা 5 সন্দেহজনক জেহাদীক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ