Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যু-কি ক’লে প্ৰণৱ দাসে চলোৱা বুলি দাবী কৰা মেজিকৰ মালিক মণি বৰাই - জোনমণি ৰাভাৰ মৃত্যু
🎬 Watch Now: Feature Video
নগাঁও, 20 মে’: ক্ৰমে ৰহস্যঘন হৈ পৰিছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা ৷ কোন সঁচা, কোন মিছা ? ইতিমধ্যে এই ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ৷ শেহতীয়াকৈ জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰতক্ষ্যদৰ্শী প্ৰণৱ দাসে চলোৱা বুলি দাবী কৰা মেজিকৰ মালিকক তলব কৰে চি আই ডিয়ে (Junmoni Rabha case latest update) ৷
প্ৰণৱ দাসে চলোৱা বুলি দাবী কৰা মেজিকখনৰ প্ৰকৃত গৰাকীক চিআইডিয়ে তলব কৰাৰ পা;তেই ঘটনাই লৈছে আন এক মোৰ ৷ কিয়নো উক্ত দিনটোত প্ৰণৱ দাসে বাহনখন চলোৱা নাছিল বুলি দাবী কৰিছে মণি বৰাই (Reaction of Owner of magic) ৷
সমান্তৰালভাৱে মণি বৰাৰ পত্নী মমী বৰাইয়ো সংবাদ মাধ্যমৰ আগত একে ভাষ্যই প্ৰদান কৰিছে ৷ যদিহে বাহনখনৰ গৰাকীৰ এই দাবী সঁচা হয় তেন্তে ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসে কিয় মিছাৰ আশ্ৰয় গ্ৰহণ কৰিলে সেয়াও এক ৰহস্যজনক বিষয় ৷ প্ৰশ্ন হৈছে জনপ্ৰিয়তা অৰ্জনৰ বাবেহে মিথ্যাচাৰৰ আশ্ৰয় লৈছিল নেকি প্ৰণৱে (Junmoni Rabha death case) ?
লগতে পঢ়ক:Junmoni Rabha case latest update:প্ৰণৱ দাসে চলোৱা বুলি দাবী কৰা মেজিকৰ মালিকক তলব চি আই ডিৰ