অসম

assam

Seminar on Vatsal Bharat: কলাক্ষেত্ৰত বৎসল ভাৰত শীৰ্ষক আলোচনা চক্ৰ

By

Published : Aug 13, 2023, 10:32 AM IST

কলাক্ষেত্ৰত বৎসল ভাৰত শীৰ্ষক এক আলোচনা চক্ৰ

গুৱাহাটী,১৩ আগষ্ট:ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে শনিবাৰে অনুষ্ঠিত কৰে মহানগৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত শিশু কল্যাণ তথা শিশু সুৰক্ষা সন্দৰ্ভত ‘বৎসল ভাৰত’ শীৰ্ষক এক আলোচনা চক্ৰ । উক্ত আলোচনা চক্ৰত উপস্থিত থকা সমল ব্যক্তিসকলে সমগ্ৰ দেশতে শিশু সুৰক্ষা আৰু শিশুৰ সুৰক্ষা আইন সন্দৰ্ভত আলোকপাত কৰে ।  

আলোচনা চক্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ৮ ৰাজ্যৰ ১৫০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । দেশৰ কেইবাখনো চহৰত অনুষ্ঠিত হ'বলগীয়া এই আলোচনা চক্ৰ নতুন দিল্লী, ভূপাল, মুম্বাইত ইতিমধ্যে সমাপ্ত হৈছে । ভাৰত চৰকাৰে শেহতীয়া বৰ্ষসমূহত ৰূপায়ণ কৰা নীতি, আঁচনি আৰু কাৰ্যসূচীৰ বিষয়ে সম্যক তথ্য প্ৰদান কৰাৰ লগতে, মূলতঃ শিশুৰ অগ্ৰাধিকাৰলৈ এই আলোচনা চক্ৰ ৰূপায়ণ কৰা হয় ।  

বৎসল ভাৰত শীৰ্ষক এই আলোচনা চক্ৰত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মহিলা আৰু শিশু বিকাশ মন্ত্ৰী ড৹ মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাই । 

লগতে পঢ়ক:Constituency Delimitation 2023: চাবুৱা লাহোৱাল সমষ্টি পুনৰ গঠনক লৈ সুখী বিধায়ক পোনাকণ বৰুৱা

ABOUT THE AUTHOR

...view details