অসম

assam

শক্তিৰূপা সন্মিলন অসম

ETV Bharat / videos

শক্তিৰূপা সন্মিলনৰ উদ্য়োগত ৰাষ্ট্ৰ গঠনত মহিলাৰ ভূমিকা শীৰ্ষক আলোচনা চক্ৰ - Shaktirupa Sammelan Assam

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 4:48 PM IST

মৰিগাঁও, ১৭ ডিচেম্বৰ : শক্তিৰূপা সন্মিলন অসমৰ‌ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত শনিবাৰে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় 'মহিলা সমন্বয় তথা ৰাষ্ট্ৰ গঠনত মহিলাৰ ভূমিকা' শীৰ্ষক এক বিশেষ আলোচনা চক্ৰ । এই আলোচনা চক্ৰত নিদিষ্ট বক্তাৰূপে বক্তব্য আগবঢ়াই উত্তৰ-পূব প্ৰান্তৰৰ গীতাঞ্জলি দেৱী, মৰিগাঁও জিলা শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষা অৰ্চনা বৰুৱা শৰ্মা, চৰাইবাইবাহী বালিকা বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অনিতা হাজৰিকা, দীপিকা গোস্বামী, অনিতা শৰ্মা, ৰোহিনী দেৱীয়ে ।

বক্তাকেইগৰাকীয়ে সমাজত নাৰী সৱলীকৰণ তথা বৰ্তমান সময়ত মহিলাৰ স্থিতি,সমস্যা আৰু কৰণীয়, ৰাষ্ট্ৰীয় উত্থানত মহিলাৰ ভূমিকা আৰু ভাৰতীয় চিন্তনত মহিলা শীৰ্ষক তিনিটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বক্তব্য় আগবঢ়ায় ।  

ইফালে,মৰিগাঁও জিলা শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষা অৰ্চনা শৰ্মাক জিলাখনত শিশু সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱাৰ সেৱাৰ বাবে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । এই আলোচনা চক্ৰৰ আঁতধৰে মৰিগাঁও জিলাৰ সংযোজিকা পিংকি কলিতা বৰাই । ইয়াৰ লগত সংগতি ৰাখি শনিবাৰে অনুষ্ঠিত হয় এক সাংস্কৃতিক অনুষ্ঠান । 

লগতে পঢ়ক:আহক দিনৰ পোহৰত নহয় ৰাতিৰ আন্ধাৰত বেপাৰী-গ্ৰাহকৰ ভিৰ লগা বজাৰখনলৈ যাওঁ

ABOUT THE AUTHOR

...view details