APEDA Seminar: গুৱাহাটীৰ NEDFI ত "POTENTIAL NORTH EAST'' শীৰ্ষক বাণিজ্যিক আলোচনা চক্ৰ
Published : Sep 20, 2023, 10:21 PM IST
গুৱাহাটী, ২০ ছেপ্টেম্বৰ :কৃষি আৰু কৃষিজাত সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰণালয়ৰ অধীনৰ অনুষ্ঠান APEDA ৰ উদ্যোগত বুধবাৰে গুৱাহাটীৰ NEDFI ৰ মুখ্য কাৰ্যালয়ত "POTENTIAL NORTH EAST'' শীৰ্ষক এখন বাণিজ্যিক আলোচনাচক্ৰ অনুষ্ঠিত হয় । ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু ভূটানৰ বাণিজ্যিক সম্ভাৱনীয়তাৰ ওপৰত আলোচনা কৰা হয় আজিৰ এই আলোচনা চক্ৰত ।
ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ মাজত হোৱা বিভিন্ন কৃষিজাত সামগ্ৰীৰ আমদানি আৰু ৰপ্তানি কিদৰে সুদৃঢ় কৰিব পৰি তাকে লৈ দুয়োখন দেশৰ প্ৰতিনিধিৰ উপস্থিতিত এই আলোচনা চক্ৰ সম্পন্ন হয় । আজিৰ এই আলোচনা চক্ৰত উপস্থিত থাকে APEDA ৰ উপ-মহাপ্ৰবন্ধক বিদুৎ বৰুৱা, ভূটান চেম্বাৰ্চ অফ কমাৰ্চ আৰু উদ্যোগৰ উপ-সঞ্চালক কমল প্ৰধান । ইয়াৰ লগতে উপস্থিত থাকে থাকে বিটিচিৰ কৃষি বিষয়া মনোৰঞ্জন দাসকে ধৰি দুয়োখন দেশৰ কেইবাগৰাকী প্ৰতিনিধি । লগতে আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ভূটানৰ ব্যৱসায়ীসকলৰ বাবে অনুষ্ঠিত কৰা হয় এখন প্ৰদৰ্শনী মেলাৰো ।