Selfreliant With Nursery: ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে উচ্চ শিক্ষিত উদ্যমী পবিত্ৰৰ নাৰ্চাৰী
জোনাই, 13 এপ্ৰিল: আত্মনিৰ্ভৰশীল হোৱাৰ সপোন দেখা ধেমাজিৰ এজন উচ্চ শিক্ষিত যুৱক ৷ বিজনেছ মেনেজমেন্টৰ স্নাতক পবিত্ৰ মৰাঙে সুদূৰ বেংগালুৰুত চাকৰি এৰি পৈতৃক সূত্ৰে লাভ কৰা মাটিত স্বাৱলম্বী হোৱাৰ উদ্দেশ্যৰে আৰম্ভ কৰিছে এখন নাৰ্চাৰী (Dhemaji youth selfreliant with Nursery) ৷
ধেমাজি জিলাৰ তেলাম জামজিং গাঁৱস্থিত ‘ল’কেল গ্ৰীণ’ নামৰ নাৰ্চাৰীখনৰ গৰাকী হ'ল উচ্চ শিক্ষিত যুৱক পবিত্ৰ মৰাং ৷ 5 বছৰ ধৰি সুদূৰ বেংগালুৰুত চাকৰি কৰাৰ পাচত চাকৰি এৰি নিজৰ ঘৰতেই 2021 চনৰ জানুৱাৰী মাহত উদ্যমী যুৱক জনে স্থাপন কৰিছিল এই বিশেষ নাৰ্চাৰীখন ৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা অৰ্কিড আৰু ফুল-লতাৰে ভৰি পৰিছে নাৰ্চাৰীখন (Entrepreneur Pabitra Morang in Dhemaji) ৷
সকলোৰে পৰিচিত থলুৱা কপৌ ফুলৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৰং-বিৰঙী অৰ্কিড, ফুলেৰে উভৈনদী হৈ আছে নাৰ্চাৰীখন ৷ নাৰ্চাৰীৰ এটা কোণত যুৱকজনে সজাই লৈছে এটা সুন্দৰ টঙীঘৰ ঘৰ ৷
বিহুৰ বতৰত এতিয়া ৰং-বিৰঙী অৰ্কিড আৰু ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে নাৰ্চাৰীখন ৷ এই নয়নাভিৰাম দৃশ্য চাবলৈ আহিছে বহু সংখ্যক প্ৰকৃতি প্ৰেমী ৷ উদ্যোগী যুৱকজনক উৎসাহিত কৰিবলৈ যুৱকজনক সহযোগ কৰিবলৈ এতিয়া প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷
TAGGED:
Selfreliant With Nursery