অসম

assam

জাৰ্চী গায় পালনৰে স্বাৱলম্বী এজন যুৱক

ETV Bharat / videos

Self reliant youth: জাৰ্চী গাই পালনৰে স্বাৱলম্বী এজন যুৱক - Self reliant in cultivation

By

Published : Jun 18, 2023, 8:35 PM IST

ডিব্ৰুগড়,১৮ জুন:যি সময়ত ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাই কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, ঠিক তেনে সময়তে ডিব্ৰুগড়ৰ জকাই ম’হমাৰী গাঁৱৰ আদেশ ঘাটোৱাৰ নামৰ এজন যুৱকে জৈৱিক কৃষি কৰ্ম আৰু জাৰ্চী গাই পালনেৰে নিজে স্বাৱলম্বী হোৱাৰ লগতে আন দহজন যুৱকৰ আদৰ্শ স্বৰূপ হৈ পৰিছে ।  

সৰুৰে পৰা পথাৰত হাল বাই স্নাতক ডিগ্ৰী লৈ কলেজীয়া জীৱন পাৰ কৰা আদেশ ঘাটোৱাৰে চৰকাৰী চাকৰিলৈ আশা কৰি নাথাকি ঘৰতে জাৰ্চী গৰু পালন কৰাৰ লগতে ভোট জলকীয়া, তিয়ঁহ, তিতা কেৰেলাৰ খেতি কৰি পৰিয়ালৰ সদস্যসকলক ভৰণ-পোষণ দিয়াৰ লগতে আন নিবনুৱাকো সংস্থাপন প্ৰদান কৰি আহিছে ।  

মুঠৰ ওপৰত এজন আদৰ্শবান খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে আদেশ ঘাটোৱাৰ । জীৱনৰ কোনো সু-কৰ্মত এবাৰ বিফল হ'লে হতাশ বা নিৰাশাগ্ৰস্ত নহৈ এশবাৰ আপ্ৰাণ চেষ্টা কৰিবলৈ যুৱ প্ৰজন্মক সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাই আদেশ ঘাটোৱাৰে । 

লগতে পঢ়ক:Junmoni Rabha death case: জোনমণিৰ মাতৃৰ এজাহাৰত নাম থকা আৰক্ষী বিষয়া ৰাজা ইৰ্শ্বাদক জেৰা CBI ৰ

ABOUT THE AUTHOR

...view details