Assam Flood 2023: চলিত বৰ্ষৰ দ্বিতীয়টো বানত জলমগ্ন দেৰগাঁও - চলিত বৰ্ষৰ দ্বিতীয়টো বান
যোৰহাট, 14 জুলাই : চলিত বৰ্ষৰ দ্বিতীয়টো বানত ককবকাইছে ৰাজ্যৰ কেইবাখনো জিলা ৷ যোৰহাট জিলাৰ পৰা পৃথক কৰি দেৰগাঁও সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত কৰা দক্ষিণ আহঁতগুৰিৰ লগতে পূব ব্ৰহ্মপুত্ৰ আৰু মধ্য ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ প্ৰায় 20 খনতকৈও অধিক গাঁও ব্ৰহ্মপুত্ৰ বাঢ়নি পানীত জলমগ্ন হৈ পৰিছে ৷
দক্ষিণ আহঁতগুৰি পঞ্চায়তৰ অন্তৰ্গত বাঘেধৰা, চাকলা, চৈধ্য ঘৰীয়া, সাঁকোপৰা, ভীমপৰা, বিলতীয়া, কৰৈগুৰি, নাৰমাৰী, দলখোৱা, ন-মাটি, আবানি, শগুণপৰা, বালিচাপৰি, শলমাৰী, পুৰণিমাটি, আবানি বালিজান, ভাঙোন মাৰি, ধোদাং ভেকেলি আদি গাঁওসমূহৰ প্ৰায় 1200 তকৈ অধিক পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে ৷
সেইদৰে পূব ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ অন্তৰ্গত নতুন চাপৰি, চিৰিশটিকা, দাধৰা, নতুন চাপৰি দাধৰা, শলাবোৱা, চমুৱা, গৰুমৰা আৰু মধ্য ব্ৰহ্মপুত্ৰ পঞ্চায়তৰ অন্তৰ্গত ন-পমুৱা, শলমাৰী জয়পুৰ, বহি খোৱা, লেঙেৰা চাপৰি, গড়মৰা চাপৰি আদি গাঁওসমূহ জলমগ্ন হৈছে ৷
ব্ৰহ্মপুত্ৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি হৈ থকাত দাঁতিকাষৰীয়া আৰু ভালেমান গাঁও বৰ্তমান জলমগ্ন হোৱাৰ আশংকা কৰা হৈছে ৷ জলমগ্ন হোৱা ঠাইসমূহৰ প্ৰায় সংখ্যক শিক্ষা প্ৰতিষ্ঠান, অংগনৱাড়ী কেন্দ্ৰ, স্বাস্থ্য কেন্দ্ৰ আদিও পানীত বুৰ গৈছে ৷ ফলত এতিয়া ৰাইজে যমৰ যাতনাৰ সন্মুখীন হ'ব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷
লগতে পঢ়ক:Bhutan Kurichu Dam water release: "ভূটানে লাহে লাহে এৰিছে বান্ধৰ পানী"-মুখ্যমন্ত্ৰীৰ আশ্বাস