অসম

assam

ETV Bharat / videos

Football Tournament at Jonai: জোনাইৰ গান্ধী ফিল্ডত প্ৰবীণ ফুটবল ট্ৰফী

By

Published : Oct 25, 2022, 10:52 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ড্ৰাগছ মুক্ত জোনাই গঢ়াৰ লক্ষ্যৰে বিগত 1 অক্টোবৰৰ পৰা জোনাইৰ গান্ধী খেলপথাৰত আয়োজন কৰা হয় প্ৰবীণ ফুটবল ট্ৰফী জোনাই ভেটেৰান FC (Football Tournament at Jonai) ৷ প্ৰবীণ ফুটবল ট্ৰফী জোনাই ভেটেৰান FC ৰ দ্বাৰা আয়োজিত এই খেলত মুঠ 7 টা দলে অংশগ্ৰহণ কৰে ৷ মঙলবাৰে এই ফুটবল খেলখনৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয় ৷ চিমেন চাপৰি FC আৰু তেলম FC ৰ মাজত মঙলবাৰে অনুষ্ঠিত হোৱা ফাইনেল খেলখনত তেলাম FC য়ে চিমেন চাপৰি FC ক 4-1 ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে ৷ ইফালে উক্ত খেলখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামী আৰু মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈ ৷ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জোনাই মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ প্ৰীতম কুমাৰ দাস, মহকুমা আৰক্ষী বিষয়া ভাৰ্গবমুনি দাস, আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া নেত্ৰকমল শইকীয়াসহ কেবাজনো লোক ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details