অসম

assam

শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতিত ব্যস্ত মৃৎশিল্পী

ETV Bharat / videos

Puja preparation: দেবী দুৰ্গাৰ মৃণ্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত ৰাজ্যৰ মৃৎশিল্পীসকল - Durga Puja 2023

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 4:47 PM IST

চতিয়া,১১অক্টোবৰ: শাৰদীয় স্নিগ্ধতাৰে আহিল উৎসৱৰ বতৰা । নঙলা মুখত শাৰদীয় দুৰ্গোৎসৱ । দুৰ্গোৎসৱৰ দিন চমু চাপি অহাৰ লগেই ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো দুৰ্গোৎসৱক লৈ মৃৎশিল্পীসকলৰ ব্যস্ততাৰ অন্ত নাই । দিনে-নিশাই পৰিশ্ৰম কৰি এতিয়া প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে জামুগুৰিহাটৰ মৃৎ শিল্পীসকল ।  

জামুগুৰিহাটৰ মৃৎ শিল্পীয়ে নিৰ্মাণ কৰা প্ৰতিমা তেজপুৰ, বিশ্বনাথ চাৰিআলিৰ লগতে নিয়া হ'ব চুবুৰীয়া ৰাজ্য আৰুণাচল প্ৰদেশলৈও । জামুগুৰিহাটৰ দহখনৰো অধিক শিল্পালয়ত এতিয়া প্ৰতিমা নিৰ্মাণত দিনে-নিশাই ব্যস্ত শিল্পীসকল । প্ৰতিমা নিৰ্মাণত ব্যস্ত থকা খনিকৰসকলৰো আশা যে শাৰদীয় দুৰ্গোৎসৱে সকলৰো জীৱনলৈ শান্তি-সমৃদ্ধি কঢ়িয়াই আনিব ।  

লগতে পঢ়ক:Hair Care Tips: এইবাৰ দুৰ্গাপূজাত ঘৰুৱাভাৱে কেনেদৰে ল'ব চুলিৰ যতন ?

ABOUT THE AUTHOR

...view details