Durga puja 2023 : 50 বছৰ পুৰণি মা-কালী শিল্পালয়ত দুৰ্গাৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত কোচবিহাৰৰ মৃৎ শিল্পীসকল
Published : Oct 16, 2023, 10:36 AM IST
ডিব্ৰুগড়, 16 অক্টোবৰ :দুৰ্গা পূজালৈ মাজত মাথোঁ কেইটামান দিন বাকী । এতিয়া ব্যস্ততাৰ অন্ত নাই মৃৎ-শিল্পীসকলৰ । দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ প্ৰতিমাক পূৰ্ণতা দিয়াত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সোণাৰিতো দেখা পোৱা গৈছে একেই পৰিৱেশ ।
50 বছৰ অতিক্ৰম কৰা সোণাৰিৰ অতিকৈ পুৰণি মা-কালী শিল্পালয়ত মৃৎ শিল্পীসকলে সাজি উলিয়াইছে কেইবাটাও প্ৰতিমা । দিনে-নিশাই দেৱী দুৰ্গাৰ মূৰ্তি নিৰ্মাণত ব্যস্ত মা-কালী শিল্পালয়ৰ মৃৎ শিল্পীসকল । প্ৰতিবছৰৰ দৰে এইবাৰো মা-কালী শিল্পালয়ৰ গৰাকীয়ে কোচবিহাৰৰ পৰা মৃৎ শিল্পী আনি আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে মৃন্ময় প্ৰতিমাসমূহ ।
উল্লেখ্য যে প্ৰতি বছৰে এই প্ৰতিষ্ঠানৰ পৰা চৰাইদেউ জিলাৰ বিভিন্ন চাহ বাগিচা লৈ প্ৰতিমা নিয়াৰ লগতে সোণাৰিৰ কাষতে থকা নাগালেণ্ডলৈ প্ৰতিমা নিয়া হয় । সেয়ে এতিয়া পূজালৈ মাত্ৰ কেইটামান দিন হে বাকী থকা অৱস্থাত ব্যস্ততাৰ শেষ নাই মৃৎ শিল্পীসকলৰ ।
লগতে পঢ়ক :Durga Puja 2023: মা দুৰ্গাৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত ধেমাজিৰ মৃৎ শিল্পীসকল
TAGGED:
Durga puja 2023