Science Awareness camp in Bongaigaon: বঙাইগাঁৱত বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন
বঙাইগাঁও, ২১ মাৰ্চ:বঙাইগাঁও জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ টাপাট্টাৰীৰ উদ্যোগত টাপাট্টাৰী আদৰ্শ বিদ্যালয়ত এখনি বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হয় (Science based competition at Bongaigaon)। সোমবাৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ টাপাট্টাৰীৰ উদ্যোগত টাপাট্টাৰী আদৰ্শ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত এই বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাখনি অনুষ্ঠিত হয় । টাপাট্টাৰী উন্নয়ন খণ্ডৰ অৰ্ন্তগত ১২ খন বিদ্যালয়ৰ ১৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে (Aryabhatta Science Centre)।
অসম বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, টাপাট্টাৰীৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা মূলক বিজ্ঞান ভিত্তিক আৰ্হি নিৰ্মাণ, চিত্ৰাংকণ, বিজ্ঞানৰ ধাৰণা আৰু বিজ্ঞানৰ ওপৰত আকস্মিক বক্তৃতাৰো আয়োজন কৰা হয় (Assam Council for Science Technology and Environment)। ইয়াৰ পিছতে টাপাট্টাৰী আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ হাৰুণ ৰশিদ বেপাৰীৰ সভাপতিত্বত মুকলি সভা আৰু বঁটা বিতৰণি সভা অনুষ্ঠিত হয় ।
সভাত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি মুখ্য অতিথি ৰূপে ভাষণ আগবঢ়ায় আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক সঞ্জীৱ কুমাৰ ব্ৰহ্মই । এই সভাখনত টাপাট্টাৰী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক আব্দুল কাদেৰ, বিজ্ঞান শিক্ষক আব্দুল বাতেনে বিজ্ঞান বিষয়ত ভাষণ প্ৰদান কৰে । শেষত বিজয়ী প্ৰতিযোগীৰ মাজত বঁটা বিতৰণ কৰা হয় ।
লগতে পঢ়ক:World Down Syndrome Day: জনসাধাৰণে ডাউন চিণ্ড্ৰমৰ বিষয়ে জনাটো কিয় প্ৰয়োজন ?
TAGGED:
Aryabhatta Science Centre