অসম

assam

পিয়াহৰ পানী, অনাময় ব্যৱস্থাৰ বাবে হাহাকাৰ ছাত্ৰ-ছাত্ৰীৰ

By

Published : May 13, 2023, 7:55 PM IST

ETV Bharat / videos

Students Protest at Naharkatia: প্ৰতিবাদত নামিল নাহৰকটীয়াৰ নামচাং চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী

ডিব্ৰুগড়, 13 মে’: বগাহাতীত পৰিণত হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আদৰ্শ বিদ্যালয়ৰ পৰিকল্পনা ৷ ৰাজ্যৰ শৈক্ষিক খণ্ডত বিশেষকৈ চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত স্মাৰ্ট ক্লাছৰূম সংযোজন কৰি যি আদৰ্শ বিদ্যালয় স্থাপন কৰিবলৈ ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছিল সেয়া ক্ৰমাৎ বগাহাতীত পৰিণত হোৱাৰ দিশে ৷ 

আদৰ্শ বিদ্যালয় ঠিকেই স্থাপন হ’ল, কিন্তু ছাত্ৰ- ছাত্ৰীৰ অতি প্ৰয়োজনীয় খোৱা পানীৰ ব্যৱস্থা সংশ্লিষ্ট বিভাগে কৰিব নোৱাৰিলে ৷ যাৰ বাবে নাহৰকটীয়া সমষ্টিৰ নামচাং চাহ বাগিচাত প্ৰতিষ্ঠা কৰা আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পিয়াহৰ পানী, অনাময় ব্যৱস্থাৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে (School Students Protest at Naharkatia) ৷  

ছাত্ৰ-ছাত্ৰীৰ এই অৱস্থা দেখিও নেদেখাৰ ভাও জুৰিছে বিদ্যালয়ৰ দায়িত্বত থকা প্ৰধান শিক্ষকৰ লগতে জনপ্ৰতিনিধিয়ে (Students Protest at Naharkatia for Drinking Water) ৷ এইক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষৰো কোনো সাৰ-সিকতি নাই ৷ 

ইফালে জল জীৱন মিছনৰ সফলতা পৰিদৰ্শন কৰিবলৈ শেহতীয়াকৈ জয়পুৰ উন্নয়ন খণ্ডৰ এলেকালৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত পৰ্যায়ৰ বিষয়া অহাৰ কথা চৰ্চা চলি আছে যদিও উন্নয়ন খণ্ডটোৰ অধীনৰ এলেকাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে তাৰ মাজতেই আজি পানী যোগানৰ দাবীত বিদ্যালয়তে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (Students Protest at Naharkatia) ৷

লগতে পঢ়ক:Community Marriage: কলিয়াবৰত সমূহীয়া বিয়া-উপনয়ন সম্পন্ন

ABOUT THE AUTHOR

...view details