Miscreants destroyed School Property: চৰকাৰী বিদ্যালয়ত দুস্কৃতিকাৰীয়ে গোবৰ লেপি থৈ গ'ল জাতীয় পতাকাত - শিৱসাগৰত চৰকাৰী বিদ্যালয়ত দুস্কৃতিকাৰীৰ হাতোৰা
শিৱসাগৰ জিলাৰ নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ৩৫ নং শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ত মঙলবাৰে নিশা কোনো দুষ্কৃতিকাৰী প্ৰৱেশ কৰি বিদ্যালয়ৰ পৰিৱেশ ধ্বংস কৰি থৈ যায়(School Property destroyed by miscreants in Sivsagar) ৷ বিদ্যালয়খনৰ কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে নিজ হাতে তৈয়াৰ কৰা প্ৰাচীৰ পত্ৰিকা ফালি পেলোৱাৰ লগতে বিদ্যালয়ৰ দেৱালসমূহত গোবৰ লেপি, দেৱালত অংকিত চিত্ৰ নষ্ট কৰে ৷ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ঠিকনা সম্বলিত চাইনব'ৰ্ড আদিকে ধৰি বিদ্যালয়খনৰ পৰিৱেশ নষ্ট কৰাৰ উপৰিও বিদ্যালয় চৌহদত থকা ফুল, শাক-পাচলিৰ বাৰী নষ্ট কৰি থৈ যায়(Crime in Sivsagar) । বীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবি, জাতীয় পতাকাত গোৱৰ লেপি জাতিদ্ৰোহী, ৰাষ্ট্ৰদোহৰ দৰে কাৰ্য সংঘটিত কৰি থৈ যায় দুৰ্বৃত্তই । পুৱা ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ আহি প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা(Miscreants destroye School Property) । নিজ হাতেৰে সজাই পৰাই তোলা বিদ্যালয়খনৰ এনে অৱস্থা দেখি শোকত ভাগি পৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে স্থানীয় ৰাইজ । ইতিমধ্যে ঘটনাৰ উচিত তদন্ত বিচাৰি শিমলুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷