অসম

assam

মাজুলী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক

ETV Bharat / videos

Conjunctivitis in Assam: কনজাংকটিভাইটিছৰ পৰা পৰিত্ৰাণ পাবলৈ সতৰ্ক হোৱাৰ আহ্বান - মাজুলী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক

By

Published : Aug 18, 2023, 7:06 PM IST

Updated : Aug 18, 2023, 7:12 PM IST

মাজুলী, ১৮ আগষ্ট: ৰাজ্যত অব্যাহত কনজাংকটিভাইটিছৰ প্ৰকোপ । নিতৌ নতুন নতুন লোক এই ফ্লু বা কনজাংকটিভাইটিছত আক্ৰান্ত হৈছে । আন জিলাৰ লগতে সত্ৰ নগৰী মাজুলীতো অব্যাহত আছে কনজাংকটিভাইটিছ । আই ফ্লু সম্পৰ্কে মাজুলী জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কুলেন্দ্ৰ চন্দ্ৰ বৰগোঁহাইয়ে আগবঢ়াইছে প্ৰতিক্ৰিয়া ।  

সঞ্চালকগৰাকীয়ে কয় মাজুলীৰ প্ৰায়ভাগ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ফ্লু বা কনজাংকটিভাইটিছত আক্ৰান্ত হৈছে । বৰ্তমানলৈ ফ্লু বা কনজাংকটিভাইটিছত কোনো ৰোগী চিকিৎসালয়ত ভৰ্ত্তি হৈ থকা নাই । তেওঁ কয় যে ফ্লু বা কনজাংকটিভাইটিছ ৰোগ সহজে ইজনৰ পৰা সিজনলৈ সংক্ৰমণ হয় । বানপানী পাছত জলবায়ু পৰিবৰ্তন বাবে এই ৰোগ হয় ।  

এই ৰোগত আক্রান্ত স্কুলৰ ল'ৰা-ছোৱালীক বিদ্যালয়লৈ অহাত বাধা দিয়া বুলি মন্তব্য কৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে । অৱশ্য়ে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীৰ হাতত কিমান লোক এই ৰোগত আক্ৰান্ত হৈ আহে তাৰ প্ৰকৃত তথ্য এতিয়ালৈকে নাই । এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ সকলোকে তেওঁ সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:Private medical negligence: সুস্থ ৰোগীক দুবাৰকৈ অস্ত্ৰপ্ৰচাৰ কৰাৰ অভিযোগ ডিব্ৰুগড়ৰ মেডিকেয়াৰ নাৰ্ছিংহোমৰ বিৰুদ্ধে

Last Updated : Aug 18, 2023, 7:12 PM IST

ABOUT THE AUTHOR

...view details