Scam in Jal Jeevan: এজাক বৰষুণতে খহি পৰিল জল-জীৱনৰ পকী বেৰ - Scam in Jal Jeevan
বিহপুৰীয়া, 22 জুলাই :লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ দুই নম্বৰ দহঘৰীয়াত জল জীৱন আচঁনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিহপুৰীয়া উপ সংমণ্ডলৰ অধীনস্থ দুই নম্বৰ দহঘৰীয়াত নিৰ্মাণ কৰি থকা জল জীৱন আচঁনিখনৰ পানী বিশুদ্ধকৰণ ভাণ্ডাৰত বৃহৎ ফাঁট মেলাৰ লগতে এজাক বৰষুণতে পকী বেৰ খহি পৰিল ।
ইয়াৰ পিচতেই স্থানীয় ৰাইজে ক্ষুব্ধ হৈ পৰে বিভাগীয় ঠিকাদাৰৰ বিৰুদ্ধে ৷ এই আচঁনিখনত বিভাগীয় ঠিকাদাৰে অধিক মুনাফা লাভৰ বাবে পালমৰা কামেৰে আচঁনিখন সম্পাদন কৰিব বিছাৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
ইপিনে, স্থানীয় ৰাইজে আচঁনিখনত সংঘটিত এনে অনিয়মৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও বিভাগৰ চৰকাৰী বৰমূৰীয়া সকলে আওকান কৰাহে পৰিলক্ষিত হৈছে ৷ প্ৰায় ৯০ শতাংশ কাম শেষ হোৱা এই আচঁনিখনত সংঘটিত এনেবোৰ আনিয়ম আৰু দুৰ্নীতিৰ এক উচিত তদন্ত কৰি পুনৰ আচঁনিখনৰ কাম পাক্কলন মতে নিৰ্মান কৰিবলৈ দাবী জনাইছে ৷
TAGGED:
Scam in Jal Jeevan