অসম

assam

সৃজনগ্ৰাম পঞ্চায়তত অৰুণোদয়ত অনিয়ম

ETV Bharat / videos

Scam in Arunoday scheme: অৰুণোদয়ত প্ৰতিবন্ধীক বঞ্চিত কৰি পঞ্চায়ত সভাপতিৰ আত্মীয়ক তালিকাভুক্ত - Scam in Arunoday scheme at Bongaigaon

By

Published : Feb 18, 2023, 1:55 PM IST

মাণিকপুৰ, ১৮ ফেব্ৰুৱাৰী:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি ৰূপায়ণত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হ'ব নোৱাৰে বুলি কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো ৰাজ্য়ৰ বিভিন্ন ঠাইত অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে (Assam govt Arunoday scheme)। কোনেও এই আঁচনি ৰূপায়ণত স্বজন-তোষণৰ নীতি লৈ হিতাধিকাৰীৰ সুবিধা ল'ব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো বঙাইগাঁৱৰ সৃজনগ্ৰাম পঞ্চায়তত অৰুণোদয় আঁচনি ৰূপায়নৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Scam in Arunoday scheme at Bongaigaon)। প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে অৰুণোদয় আঁচনিৰ সুবিধা দলীয় কৰ্মকর্তাই লাভ কৰাৰ অভিযোগ উঠিছে । ইতিমধ্য়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱৰ সৃজনগ্ৰামতো অৰুণোদয় আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ তুলি ইয়াৰ উচিত তদন্তৰ দাবী জনাই দল-সংগঠনৰ লগতে ক্ষুব্ধ মহিলাসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে ।

বঙাইগাঁৱৰ সৃজনগ্ৰাম পঞ্চায়তত জনপ্ৰতিনিধিয়ে অৰুণোদয় আঁচনি ৰূপায়নত ব্যপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে । দৰিদ্ৰ, প্ৰতিবন্ধী লোকক বঞ্চিত কৰি ধনী লোকক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে বঞ্চিত হিতাধিকাৰীসকলে (Corruption in Arunoday scheme at  Srijangram Panchayat)। জিলাখনৰ আন ঠাইৰ লগতে সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত সৃজনগ্ৰাম গাঁও পঞ্চায়তত অৰুণোদয় আঁচনি ৰূপায়নৰ ক্ষেত্ৰত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে । পঞ্চায়ত সভাপতি ৰমজান আলী আৰু সদস্য আমিৰ হুছেইনে প্ৰাপ্য হিতাধিকাৰীক বঞ্চিত কৰি একাংশ ধনী লোকৰ নাম অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

পঞ্চায়তখনৰ বিধৱা আৰু প্ৰতিবন্ধী লোকক বঞ্চিত কৰি পঞ্চায়ত সভাপতি আৰু সদস্যই নিজৰ চহকী আত্মীয় স্বজনক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে । পঞ্চায়তখনৰ বিশেষভাৱে সক্ষম একাংশ লোকৰ পৰা বি এল অ' আৰু পঞ্চায়ত সদস্যই ধন সংগ্ৰহ কৰি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেয়াও হোৱা নাই । পঞ্চায়তখনৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত দৰিদ্ৰ লোকসকলে জিলা উপায়ুক্তক হস্তক্ষেপ কৰি এইক্ষেত্ৰত তদন্ত কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:Cattle thieves arrested in Guwahati: বামুণীমৈদামত গৰু চোৰক উত্তম মধ্য়ম সোধাই ৰাইজে গতালে আৰক্ষীক

ABOUT THE AUTHOR

...view details