Scam in Arunoday scheme: অৰুণোদয় আঁচনিৰ পৰা প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ - Scam in Arunoday scheme in Bongaigao
মাণিকপুৰ, ২০ ফেব্ৰুৱাৰী: অৰুণোদয় আঁচনি ৰূপায়ণত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত হ'ব নোৱাৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ দিছিল যদিও এতিয়া এই নিৰ্দেশনাও এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে । ৰাজ্য চৰকাৰে অসমখনক এখন দুৰ্নীতিমুক্ত ৰাজ্য়ৰ দিশে গতি কৰা দাবী কৰি অহাৰ সময়তে অন্যান্য চৰকাৰী আচঁনিৰ দৰে অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন ঠাইত অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে (Assam govt Arunoday scheme) । কোনোৱেই এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত স্বজন-তোষণৰ নীতি ল'ব নোৱাৰিব বুলিও কঠোৰ নিৰ্দেশনা দিয়াৰ পিছতো বঙাইগাঁও জিলাত এই আঁচনিখন ৰূপায়নত ব্যাপক অনিয়ম সংঘটিত হোৱাত ক্ষোভ প্ৰকাশ কৰিছে প্ৰকৃত হিতাধিকাৰীসকলে (Scam in Arunoday scheme in Bongaigaon)।
প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে অৰুণোদয় আঁচনিৰ সুবিধা বিজেপিৰ দলীয় কৰ্মকর্তাই লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে জিলাখনৰ বঞ্চিত হিতাধিকাৰীয়ে । জিলাখনত অৰুণোদয় আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম হোৱাৰ কথা উল্লেখ কৰি এই অনিয়মৰ বিৰুদ্ধে চৰকাৰক তদন্তৰ দাবী জনাই স্থানীয় দল-সংগঠনৰ লগতে ক্ষুব্ধ মহিলাসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও এই লৈ কোনো সুফল লাভ কৰা নাই ।
মুখ্যমন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসমত দৰিদ্ৰ লোকৰ বাবে প্ৰস্তুত কৰা আঁচনিত নাই দৰিদ্ৰ পৰিয়ালৰ নাম (Poor people deprived of Arunoday scheme at Golapara)। অৰুণোদয় আঁচনিৰ নামত গোলাপাৰা-বাংলাপাৰা গাওঁ পঞ্চায়তত সংঘটিত হৈছে ভয়ংকৰ জালিয়াতি । পলমকৈ হ'লেও পোহৰলৈ আহিছে এই জালিয়াতিৰ তথ্য । উপায়ন্তৰ হৈ মুখ খুলিছে প্ৰকৃত হিতাধিকাৰীয়ে । বঙাইগাঁও জিলাৰ গোলাপাৰা -বাংলাপাৰা গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ পৰিয়ালে । চৰকাৰে দৰিদ্ৰ, বিধৱা মহিলাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও প্ৰকৃত হিতাধিকাৰীয়ে পোৱা নাই সুফল । অৱশেষত তাৰে বহিঃ প্ৰকাশ ঘটিছে এই পঞ্চায়তখনত ।
উত্থাপিত অভিযোগ মতে, গোলাপাৰা-বাংলাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰমিছা খাতুন, পঞ্চায়ত সচিব জানে আলমে সংঘটিত কৰিছে এই কেলেংকাৰী । অৰুণোদয় আঁচনিৰ পৰা এই পঞ্চায়তখনৰ বহু প্ৰতিবন্ধী তথা প্ৰকৃত হিতাধিকাৰীৰ নাম বাদ পৰিছে । ধনৰ বিনিময়ত এনে কেলেংকাৰী সংঘটিত কৰিছে বুলি বঞ্চিতসকলে অভিযোগ উত্থাপন কৰিছে । ৰাইজে এই অনিয়মৰ বিৰুদ্ধে শীঘ্ৰেই তদন্তৰ দাবী জনাইছে ।
লগতে পঢ়ক:All India Education Health and Social Service Trust : সৰ্বসাধাৰণ ৰাইজৰ বাবে জীৱন ৰক্ষা ৩৬৫ কাৰ্ড