অসম

assam

বৰপেটাত কাঠফলা মিল জব্দ

ETV Bharat / videos

Saw mill seized: বৰপেটাত কাঠফলা মিল জব্দ - Saw mill seized

By

Published : May 10, 2023, 10:11 PM IST

বৰপেটা,১০ মে': বৰপেটা ৰোড বনাঞ্চলিক বিষয়াৰ নেতৃত্বত আৰু চেঙা ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত চেঙা মুছলমান গাঁৱত অভিযান চলাই বুধবাৰে এটা অবৈধ কাঠ ফলা কল জব্দ কৰে (Saw mill seized in Barpeta) ৷ বন বিভাগৰ দলে যন্ত্ৰপাতি আদি জব্দ কৰাৰ লগতে কাঠ ফলা মিল উচ্ছেদ কৰে (Eviction at Saw Mill in Barpeta ) ৷ অৱশ্যে বন বিভাগৰ অভিযানৰ পূৰ্বেই কাঠ ফলা মিলৰ সৈতে জৰিত লোকসকল পলায়ন কৰে ৷  

ইপিনে বৰপেটা ৰোড বনাঞ্চলিক বিষয়া অবৈধ মিলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি জানিব দিয়ে ৷ বুধবাৰে জব্দ কৰা মিলৰ যন্ত্ৰপাতি, সা- সৰঞ্জামসমূহ বৰপেটাৰ খণ্ড বন বিষয়া কাৰ্যালয়লৈ লৈ যোৱা হয় । উল্লেখ্যগ্য যে, বহৰি খণ্ড বনবিভাগৰ অধীনস্থ এলেকাত আছে কেইবাটাও অবৈধ কাঠ ফলা মিল থকাৰ অভিযোগ উত্থাপন হৈ আহিছে । ব্যাসকুছি, ভেড়াভিঠা, মাজদিয়া, চেঙা আদি অঞ্চলৰ অবৈধভাৱে চলি থকা মিলসমূহ বহৰি খণ্ড বিষয়াৰ জ্ঞাতাৰ্থে চলাৰ অভিযোগ একাংশ ৰাইজৰ । 

লগতে পঢ়ক:Akhil slams Himanta: মানুহে এতিয়া মুখ্যমন্ত্ৰীৰ ভয়ত মাত মাতিবলৈ ভয় কৰে; অখিল গগৈ

ABOUT THE AUTHOR

...view details