অসম

assam

Majuli News: মাজুলীৰ সত্ৰত দেশৰ ভিন্ন প্ৰান্তৰ ছাত্র-ছাত্ৰীয়ে লৈছে সত্ৰীয়া সংস্কৃতিৰ কৰ্মশালা

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 8:33 PM IST

Majuli News

মাজুলী, 4 অক্টোবৰ:মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ আধ্যাত্মিক পৰিৱেশত সত্ৰীয়া নৃত্য, গীত, নাট, চিত্ৰকলা, মুখাশিল্পৰ প্ৰশিক্ষণ গ্ৰহণত ব্যস্ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী ৷ নেশ্যনেল স্কুল অৱ ড্ৰামা, ছিকিম চেণ্টাৰৰ (NSD) উদ্যোগত উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘৰ সহযোগত 20 ছেপ্টেম্বৰৰ পৰা 10 অক্টোবৰলৈ উত্তৰ কমলাবাৰী সত্ৰত 20 দিনীয়া এই কৰ্মশালা অনুষ্ঠিত হৈছে ৷  

কৰ্মশালাত উত্তৰ প্ৰদেশ, পশ্চিম বংগ, বিহাৰ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, দিল্লী, পুনে, চিকিম, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ আৰু অসমৰ 20 জনীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৷ শংকৰদেৱৰ অমৰ সৃষ্টি ৰাম বিজয় অংকীয়ানাট, সত্ৰীয়া নৃত্য, বৰগীত, মুখাশিল্প, সচিত্ৰ ভাগৱতৰ আৰ্হিত চিত্ৰকলা, ৰূপসজ্জা, আদিৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে এইসকল প্ৰশিক্ষাৰ্থীয়ে ।  

উল্লেখ্য যে উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ শিল্পীসকলে প্ৰদান কৰিছে এই প্ৰশিক্ষণ ৷ 10 অক্টোবৰত উত্তৰ কমলাবাৰী সত্ৰৰ নৱনিৰ্মিত সাংস্কৃতিক ভৱনত ৰাম বিজয় নাটক পৰিৱেশন কৰিব ছাত্ৰ-ছাত্ৰীসকলে ৷ ইয়াৰ সমাগ্ৰীক দিশ তদাৰক কৰিছে শংকৰদেৱ কৃষ্টি সংঘৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নে ৷  

লগতে পঢ়ক:Change in Brahmaputra water: হঠাৎ সলনি হ’ল ব্ৰহ্মপুত্ৰৰ পানীৰ বৰণ; নৈপৰীয়া ৰাইজৰ আশংকা

ABOUT THE AUTHOR

...view details