অসম

assam

মূল্যবৃদ্ধি সন্দৰ্ভত পীতাম্বৰ দেৱ গোস্বামীৰ প্ৰতিক্ৰিয়া

ETV Bharat / videos

Price hike in Assam : ‘‘আমি কল পচলা খোৱা দিনলৈ ঘূৰি যাব বিচৰা নাই’’; মূল্যবৃদ্ধিৰ জুয়ে দহিছে সত্ৰাধিকাৰকো !

By

Published : Aug 6, 2023, 7:52 AM IST

মাজুলী, 6 আগষ্ট : খাদ্য সামগ্ৰীৰ পুনৰ মূল্যবৃদ্ধি সন্দৰ্ভত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে আগবঢ়াইছে প্ৰতিক্ৰিয়া ৷ সত্ৰাধিকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয় । এনেদৰে মূল্যবৃদ্ধি হৈ থাকিলে সাধাৰণ জনতাই কেনেকৈ নিজৰ ঘৰখন চলাব বুলিও প্ৰশ্নৰ অৱতাৰণা কৰে ৷ 

ৰাজ্য চৰকাৰখনক যিকোনো প্ৰকাৰে এই অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায় শ্ৰীশ্ৰী আউনিআঁটি সত্ৰ সত্ৰাধিকাৰগৰাকীয়ে 'আমি কল পচলা খোৱা দিনলৈ ঘূৰি যাব বিচৰা নাই' বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

সময় থাকোতে ডাইনেমিক মুখ্যমন্ত্ৰীগৰাকীক মূল্যবৃদ্ধি ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় শ্ৰীশ্ৰী আউনিআঁটি সত্ৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ । সত্ৰাধিকাৰগৰাকীয়ে আক্ষেপ সহকাৰে সংবাদ মাধ্যমৰ আগত কয়, ‘‘কালিলৈকে কিনা ৰহৰ দাইল আজি কেনেকৈ 140 টকাত কিনিম’’ ৷

লগতে পঢ়ক :Bajrang Dal arms taining: বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণৰ সৈতে জড়িত সকলোকে গ্ৰেপ্তাৰৰ দাবী যুৱ ছাত্ৰ পৰিষদৰ

ABOUT THE AUTHOR

...view details