অসম

assam

Janardan Dev Goswami: অসমবাসীলৈ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ

By

Published : Apr 16, 2023, 12:12 PM IST

অসমবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ

মাজুলী, 16 এপ্ৰিল:ৰঙালীৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ এতিয়া সকলোতে ঢোলৰ গুম গুমণি, পেঁপাৰ মাত ৷ হেঁপাহৰ বিহুটিক লৈ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত উলহ মালহেৰে ৰাইজে উদযাপন কৰিছে ৰঙালী বিহু (Rangali Bihu Celebration In Assam)। 

ৰঙালীৰ এই শুভ ক্ষণত অসমবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে (Satradhikar Janardan Dev Goswami)। সত্ৰাধিকাৰগৰাকীয়ে সকলোলৈকে ৰঙালী বিহুৰ ওলগ জনোৱাৰ লগতে এই ৰাঙলীয়ে সমাজৰ পৰা হত্যা-হিংসা দূৰ কৰি এখন সুস্থ সমাজ গঢ় লৈ উঠাৰ কামনা কৰে (Satradhikar Janardan Dev Goswami greets Assamese on Rangali Bihu) । 

ABOUT THE AUTHOR

...view details