অসম

assam

বিধৰ্মী মানুহৰ পৰা মাজুলীৰ সত্ৰসমূহ ৰক্ষা কৰিব লাগিব

ETV Bharat / videos

অধৰ্মী মানুহৰ পৰা মাজুলীৰ সত্ৰসমূহ ৰক্ষা কৰিব লাগিব : সত্ৰ আয়োগৰ অধ্যক্ষ - মাজুলীৰ চামগুৰি সত্ৰ

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 11:50 AM IST

মাজুলী, 6 জানুৱাৰী : শুকুৰবাৰে মাজুলীৰ চামগুৰি সত্ৰ পৰিদৰ্শন কৰিলে সত্ৰ আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাই ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে সত্ৰৰ বেদখলকৃত ভূমি জৰীপ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত গঠন কৰিছিল তিনিজনীয়া জৰীপ কমিটি ৷ ইতিমধ্যেই জৰীপ কমিটিয়ে এক প্ৰতিবেদন ৰাজ্য চৰকাৰক দাখিল কৰাৰ পিছত এতিয়া চূড়ান্ত প্ৰতিবেদন দাখিলৰ বাবে আৰম্ভ কৰিছে সত্ৰৰ ভূমিৰ জৰীপৰ কাম ৷

সেই স্বৰূপে শুকুৰবাৰে মাজুলীত উপস্থতি হৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে অধ্যক্ষ হাজৰিকাই ৷ তেওঁ কয়, ‘‘সত্ৰসমূহৰ চাৰিওকাষে সত্ৰৰ পৰিৱেশ থাকিব লাগিব ৷ অসমৰ প্ৰায়বোৰ সত্ৰৰ চাৰিওফালে এতিয়া বিধৰ্মী মানুহে আগুৰি ধৰিছে ৷ এনে হ’লে সত্ৰৰ পবিত্ৰতা নাথাকে ৷’’

তেওঁ লগতে কয়, ‘‘মাজুলীক দক্ষিণ পাৰৰ লগত আৰু উত্তৰ পাৰৰ লগত সংযোগ কৰিবলৈ দুখন দলং নিৰ্মাণ হৈ আছে ৷ যাতায়ত সুচল হ’বলৈ আমাক দলং লাগে ৷ কিন্তু দলং দুখন খুলি দিয়াৰ পাছত যাতে বিধৰ্মী মানুহৰ পৰা সত্ৰীয়া সংস্কৃতিৰ বিনষ্ট নহয় তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷’’

লগতে পঢ়ক :হৰিনামৰ ধ্বনিৰে মুখৰিত মাজুলীৰ আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰং ক্ষেত্ৰ

ABOUT THE AUTHOR

...view details