অসম

assam

বীৰাংগনা সতী সাধনী স্মৃতি দিৱস পালন

By

Published : Apr 21, 2023, 9:51 PM IST

ETV Bharat / videos

Sati Sadhani Divas: শিৱসাগৰত সতী সাধনী দিৱস উদযাপন

শিৱসাগৰ, 21 এপ্ৰিল : শিৱসাগৰ যুৱদ’লত দিনজোৰা কাৰ্যসূচীৰে বীৰাংগনা সতী সাধনী স্মৃতি দিৱস পালন কৰা হয় ৷ সদৌ চুতীয়া জাতি সন্মিলন, চুতীয়া ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি আৰু বহু কেইটা চুতীয়া সংগঠনৰ উদ্যোগত আজি শিৱসাগৰ যুৱদ’লত ৫০০ বছৰীয়া বীৰাংগনা সতী সাধনী স্মৃতি দিৱসৰ আয়োজন কৰা হয় ৷ এই দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় (Sati Sadhani Divas) ৷

সতী সাধিনী দিৱস উপলক্ষে আজি পুৱা বৃক্ষৰোপণ,পতাকা উত্তোলন, সাধনীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰা হয় ৷ ইয়াৰ পিচতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত অংশ লয় সৰহ সংখ্যক লোকে । যোৰহাট লোকসভা সমষ্টিৰ বি জে পি দলৰ সাংসদ তপন গগৈয়ে এই সাংস্কৃতিক শোভাযাত্ৰাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । 

পতাকা জোঁকাৰি শোভাযাত্ৰাৰ শুভাৰম্ভ কৰা গগৈয়ে নিজৰ চমু ভাষণত সতী সাধনীয়ে চৰম ত্যাগৰ জৰিয়তে নিজৰ জাতি আৰু জন্মভূমিৰ প্ৰতি যি নিদৰ্শন দি থৈ গ’ল সেয়া অতুলনীয় বুলি উল্লেখ কৰে ৷ তেওঁ সতী সাধনীক আমাৰ স্বাভিমানৰ প্ৰতীক বুলি অভিহিত কৰে । কাৰ্যসূচীৰ অংশ ৰূপে মুকলি সভা, সমাজলৈ বিশিষ্ট অৱদান আগবঢ়োৱা ব্যক্তিলৈ বঁটা বিতৰণ আদিৰ পাচত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় (Sati Sadhani divas observed in Sivasagar)।

লগতে পঢ়ক :Country as population : বিশ্বৰ এইকেইখন দেশত আছে ১ লাখৰো কম জনসংখ্যা

ABOUT THE AUTHOR

...view details