অসম

assam

ETV Bharat / videos

ডিব্ৰুগড়ৰ পূজা মণ্ডপত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - Cental minister Sarbananda Sonowal

By

Published : Oct 5, 2022, 8:43 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

মহানৱমীৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো ভক্তপ্ৰাণ ৰাইজৰ দুৰ্গা পূজাক লৈ ব্যাপক উছাহ (Durga puja 2022)। লোকে লোকাৰণ্য হৈ পৰিল ডিব্ৰুগড়ৰ প্ৰতিটো ৰাজপথ । ইয়াৰ মাজতে মা দুৰ্গাৰ আশীৰ্বাদ বিচাৰি নৱমী নিশা ডিব্ৰুগড় চহৰৰ পুজা মণ্ডপে মণ্ডপে দেখিবলৈ পোৱা গ'ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক(Cental minister Sarbananda Sonowal)। কেন্দ্ৰীয় মন্ত্ৰীজনে মহানৱমীৰ পৱিত্ৰ দিনটোত গৃহ জিলা ডিব্ৰুগড়ৰ মাৰোৱাৰীপট্টি পূজা সমিতি, গ্ৰেহেম বজাৰ পৌৰ ক'লনী পূজা সমিতি, মিত্ৰ সংঘ পূজা সমিতি, গংগাপাৰা পূজা সমিতি, পল্টন বজাৰ পূজা সমিতি, জিগজাগ ৰ'ড পূজা সমিতি আৰু জ্ঞানদায়িনী পূজা সমিতিয়ে আয়োজন কৰা দুৰ্গোৎসৱস্থলীত উপস্থিত হৈ দুৰ্গতিনাশিনী মা দুৰ্গাৰ আৰ্শীবাদ লয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে ৰাইজে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক চাবলৈ হেতা-ওপৰা লগোৱা পৰিলক্ষিত হয়(Sarbananda Sonowal visit dibrugarh puja mandap) ৷
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

...view details