নৰেন্দ্ৰ মোদীয়ে ৯ বছৰ কৰা কাম কংগ্ৰেছে ৬০ বছৰতো কৰিব নোৱাৰিলে: সৰ্বানন্দ সোণোৱাল - Lok Sova Election 2024
Published : Dec 16, 2023, 7:01 PM IST
নাহৰকটীয়া,১৬ ডিচেম্বৰ: কেন্দ্ৰীয় মোদী চৰকাৰৰ আঁচনি সমূহৰ বিষয়ে ৰাইজক অৱগত কৰিবলৈ শনিবাৰে বিয়লি নাহৰকটীয়া উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত ন-গাওঁ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা 'আমাৰ সংকল্প বিকশিত ভাৰত' শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ বছৰ কৰা কাম কংগ্ৰেছে ৬০ বছৰতো কৰিব নোৱাৰিলে । কংগ্ৰেছ দীৰ্ঘদিন শাসনত থাকি দৰিদ্ৰ ৰাইজক সবল কৰিব নোৱাৰিলে । সামাজিক নিৰাপত্তা , অৰ্থনৈতিক উন্নয়ন দিব নোৱৰাৰ মূল কাৰণেই কংগ্ৰেছ বুলি উল্লেখ কৰি তীব্ৰ সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ কয় যে,কংগ্ৰেছ চৰকাৰৰ দিনত চৰকাৰৰ দিনত প্ৰতিখন চৰকাৰী আঁচনিত ব্যাপক দুৰ্নীতি সংঘটিত হৈছিল ।
কংগ্ৰেছৰ দিনত কোনো ধৰণৰ স্বচ্ছ প্ৰশাসন নাছিল । কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ শাসনকালত এটাও কলংক নাই বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বচ্ছ আৰু নিকা প্ৰশাসনৰ জড়িয়তে ৰাইজক ন্যায় প্ৰদান কৰাটোয়েই এই চৰকাৰৰ মূল লক্ষ্য বুলি মন্তব্য আগবঢ়ায় ।
লগতে পঢ়ক:জি পি সিং আৰু আলফা (স্বা) ৰ তৰ্কযুদ্ধ : মুখ খুলিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই