Saraswati Yatra in Hojai: হোজাইত শংকৰদেৱ বিদ্যা নিকেতনৰ সৰস্বতী যাত্ৰা - হোজাইত শংকৰদেৱ বিদ্যা নিকেতনৰ সৰস্বতী যাত্ৰা
Published : Nov 4, 2023, 5:52 PM IST
হোজাই,৪ নৱেম্বৰ:শনিবাৰে লংকা আৰক্ষী থানাত শংকৰদেৱ বিদ্যা নিকেতনে ৰূপায়ণ কৰে সৰস্বতী যাত্ৰা কাৰ্যসূচী । সৰস্বতী যাত্ৰা কাৰ্যসূচীৰ অংশস্বৰূপে লংকাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ আচার্যকে ধৰি ছাত্র-ছাত্ৰীসকলে শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা প্ৰায় দুই শতাধিক ছাত্র-ছাত্ৰীক ৰেলী কৰি লংকা আৰক্ষী থানালৈ অনা হয় । লংকা শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচার্য চৈতন্য ৰায়ে সৰস্বতী যাত্ৰা কার্যক্রমৰ আঁত ধৰি প্ৰথমে লংকা থানাৰ আৰক্ষী বিষয়া বিপিন বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে ।
ইয়াৰ পাছতে আৰক্ষী বিষয়াগৰাকীয়ে ছাত্র-ছাত্ৰীসকলক সমাজৰ লগত আৰক্ষীৰ সম্পৰ্ক বহলাই কয় আৰু আইন সম্পৰ্কীয় কিছু আভাস দিবলৈ চেষ্টা কৰে । লগতে ছাত্র-ছাত্ৰীসকলে কিবা কাৰণত নিজৰ লগতে আন লোক বিপদৰ সন্মুখীন হ'বলগীয়া হ'লে কিদৰে প্ৰশাসনৰ লগত যোগাযোগ কৰিব পাৰি এই সম্পৰ্কেও লংকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক জানিবলৈ দিয়ে ।
লগতে পঢ়ক:Mid Day Meal Workers hold Protest: হিমন্ত মামাৰ ঘৈণীয়েকৰ চাবোন এডোখৰৰ দাম এহেজাৰ টকা নহয় !