অসম

assam

ETV Bharat / videos

Saraswati Puja: যোৰহাটৰ বিভিন্ন শিক্ষামুষ্ঠানত উলহ মালহেৰে সৰস্বতী পূজা উদযাপন - দেৱী সৰস্বতীৰ পূজা

By

Published : Jan 26, 2023, 8:21 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা (Saraswati puja 2023)। লগতে আজিৰ দিনটোতে দেশে উদযাপন কৰিছে 74 সংখ্যক গণৰাজ্য দিৱস (74th Republic Day) ৷ পঞ্জিকা মতে, মাঘ মাহৰ শুক্লা পঞ্চমী হৈছে বসন্ত পঞ্চমী ৷ এই বসন্ত পঞ্চমীতেই সৰস্বতী পূজা পালন কৰা হয় ৷ সৰস্বতী পূজাক শ্ৰীপঞ্চমী বুলিও জনা যায় । আজি মা সৰস্বতীৰ উপাসনা কৰি শিক্ষা প্ৰতিযোগিতাত সফলতা অৰ্জন কৰাৰ বাবে আৰ্শীবাদ বিচাৰে শিক্ষাৰ্থীসকলে । আজিৰ দিনটোত বিদ্যালয়, মহাবিদ্যালয় আদিত মা সৰস্বতীক অৰ্চনা কৰিবৰ বাবে ছাত্ৰ ছাত্ৰী সকলে ভিৰ কৰাৰ পৰিলক্ষিত হৈছে ।

যোৰহাটৰ ঐতিহ্যমণ্ডিৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, স্ত্ৰী শিক্ষা এক অগ্ৰণী শিক্ষানুষ্ঠান দেৱীচৰণ বৰুৱা মহাবিদ্যালয়, যোৰহাট মহাবিদ্যালয়, চন্দ্ৰকমল বেজবৰুৱাৰ মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, মহিলা বিশ্ববিদ্যালয়, কাজিৰঙা বিশ্ববিদ্যালয় আদি শিক্ষানুষ্ঠানত অতি উলহ মালহেৰে দেৱী সৰস্বতীক আৰাধনা কৰা দেখা যায় (Saraswati Puja in Jorhat) । 

ছাত্র-ছাত্ৰী সকলে নিজৰ পছন্দৰ সাজ-পাৰ পৰিধান কৰি ওলাই আহে । মুঠৰ ওপৰত শিক্ষাৰ্থী সকলৰ মাজত সাজ-পাৰ ক্ষেত্ৰত এক অঘোষিত প্ৰতিযোগিতা চলা পৰিলক্ষিত হয় । যোৰহাটৰ বৰুৱা চাৰিআলি, এটি ৰোড, গড় আলিত সৰস্বতী পূজাৰ বাবে ব্যাপক হাৰত সমাগম দেখিবলৈ পোৱা যায় । আনহাতে সৰস্বতী পূজাৰ বাবে যোৰহাট নগৰৰ বিভিন্ন প্ৰান্তত যানজঁটৰ সৃষ্টি হয় । লগতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে বিভিন্ন প্ৰান্তত নিয়োগ কৰাৰ হয় আৰক্ষী জোৱান (Saraswati puja photo) । 

উল্লেখ্য যে, সৰস্বতী পূজা বুলিলেই ৰাজ্যৰ সকলো বিদ্যালয়-মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উচৱমুখৰ পৰিবেশে বিৰাজ কৰে ৷ বাগদেৱীৰ বন্দনাৰে মুখৰিত হৈ পৰে বিদ্যালয়সমূহৰ পৰিৱেশ ৷ বিশেষকৈ ছাত্ৰীসকলে সুন্দৰকৈ সাজ-পাৰ পিন্ধি ওলাই আহে সৰস্বতী পূজালৈ ৷ সৰস্বতী পূজা বুলি ক’লেই যেন মন থৌকি-বাথৌ হৈ পৰে ছাত্ৰ-ছাত্ৰীৰ ৷ বাগদেৱীক পূজা কৰি লগৰীয়াৰ সৈতে একেলগে বহি পূজাৰ প্ৰাসদ-ভোগ আদি গ্ৰহণ কৰা কাৰ্যত লুকাই থাকে অনাবিল আনন্দ ৷ সেই আনন্দকণৰ পৰা যেন বঞ্চিত হ’ব নোখোজে কোনো ছাত্ৰ-ছাত্ৰী ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details