অসম

assam

স্বপ্না বনিয়াৰ সংবাদমেল

ETV Bharat / videos

গোলাঘাটত বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়া - BJP Mahila Morcha

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 4:30 PM IST

গোলাঘাট, 29 ডিচেম্বৰ : আগন্তুক লোকসভা নিৰ্বাচনলৈ সম্পূৰ্ণ সাজু বিজেপিৰ মহিলা মৰ্চা ৷ লোকসভা নিৰ্বাচন প্ৰাকক্ষণত সকলো জিলাৰ মহিলা কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে সকলো কৰ্মীক কাম কৰি যাবলৈ আহ্বান মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়াৰ ৷ আগন্তুক লোকসভা নিৰ্বাচনত মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ লগতে বৰ্তমান সকলো মহিলা কৰ্মী নিৰ্বাচনলৈ সাজু বুলি সংবাদমেলত মন্তব্য কৰে সভানেত্ৰীগৰাকীয়ে ৷

গোলাঘাট জিলা বিজেপি কাৰ্যালয়ত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে বিজেপিৰ মহিলা মৰ্চাৰ নৱ নিৰ্বাচিত সভানেত্ৰী স্বপ্না বনিয়াই ৷ গোলাঘাট বিজেপিৰ জিলা কাৰ্যালয়ত উপস্থিত হৈ সভানেত্ৰীগৰাকীয়ে জিলাখনৰ আটাইকেইটা সমষ্টিৰ মহিলা মৰ্চাৰ বিষয়ববীয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷ নেতৃত্ব বহন কৰিব পৰা ক্ষমতা থকা মহিলাক আগন্তুক লোকসভা নিৰ্বাচন অগ্ৰাধিকাৰ দিয়া হ’ব বুলি মন্তব্য কৰে সভানেত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :সভানেত্ৰীৰ দায়িত্ব লোৱাৰ পিচত প্ৰথমবাৰৰ বাবে নগাঁৱত স্বপ্না বনিয়া 

ABOUT THE AUTHOR

...view details