Assam HSLC result 2023:সাপেখাতীৰ এঞ্জেলিকা একাডেমীৰ ছাত্ৰ জিষ্ণু বৰগোহাঁইয়ে লাভ কৰিলে অষ্টম স্থান - মেট্ৰিকৰ ৰিজাল্ট
ডিব্ৰুগড়, 23 মে’ : অসমত প্ৰথমবাৰৰ বাবে সকলোৱে জানিলে চৰাইদেউৰ এঞ্জেলিকা একাডেমীৰ কথা ৷ 2008 চনত স্থাপিত হোৱা এই বিদ্যালয়খন বহু কষ্টৰ মাজেৰে গাওঁ অঞ্চলত চলি আছে বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ পৰিচালক সঞ্চালকে ৷ সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নাম অন্তৰ্ভূক্ত হ’ল সাপেখাতীৰ এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ (HSLC result 2023) ৷
চৰাইদেউ সাপেখাতীৰ এঞ্জেলিকা একাডেমীৰ ছাত্ৰ জিষ্ণু বৰগোহাঁইয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিলে অষ্টম স্থান ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৮৭ নম্বৰ লাভ কৰি অষ্টম স্থান দখল কৰাৰ পাছতেই আনন্দৰ বন্যা বয় বিদ্যালয়খনত ৷ শিক্ষক মুকুট বৰগোহাঁই আৰু মাতৃ ববীতা বৰগোহাঁইৰ একমাত্ৰ পুত্ৰ জিষ্ণু বৰগোহাঁইয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ সাপেখাতী ১ নং কঠিয়া খুণ্ডাৰ নিবাসী জিষ্ণু বৰগোহাঁইৰ ফলাফলত এঞ্জেলিকা একাডেমীৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীকে ধৰি সকলো উৎফুল্লিত হৈ পৰিছে (HSLC result) ।
লগতে পঢ়ক :HSLC result 2023: এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন নৱম স্থান প্ৰাপ্ত বিপাশা শৰ্মাৰ