অসম

assam

অসম সাংস্কৃতিক মহাসংগ্ৰাম

ETV Bharat / videos

ধেমাজিত জিলা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম আৰম্ভ - সংস্কৃতিক পৰিক্ৰমা বিভাগ

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 2:11 PM IST

ধেমাজি, ১৭ জানুৱাৰী:অসম চৰকাৰৰ সংস্কৃতিক পৰিক্ৰমা বিভাগে গ্ৰহণ কৰা অভিনৱ পদক্ষেপ অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ ৰ ধেমাজি জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখনি ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বালন কৰি প্ৰতিযোগিতাৰ আজি শুভ উদ্বোধন কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷  

উদ্বোধনী ভাষণত শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগুৱে শিশু সকলৰ সামগ্ৰিক বিকাশ আৰু তেঁওলোকৰ মাজত লুকাই থকা প্ৰতিভা বিকাশৰ বাবে সাংস্কৃতিক মহাসংগ্ৰামৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে ৷ লগতে অহা ৮,৯ আৰু ১০ ফেব্ৰুৱাৰীত ধেমাজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি ৰাইজক অবগত কৰে শিক্ষা মন্ত্ৰী ডাঃৰণোজ পেগুই ৷ আজিৰ কাৰ্যসূচীত জ্যোতি সংগীত,ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত,ৰবীন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । কাইলৈ বিহু নৃত্য আৰু পৰম্পৰাগত লোক নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ৷ জিলা পৰ্যায়ৰ এই প্ৰতিযোগিতাত ৪৭০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক:বৰপেটাৰ বাঁহ-বেতৰ শিল্পী মানেন্দ্ৰ ডেকালৈ অসম চৰকাৰৰ ‘অসম গৌৰৱ’ বঁটা

ABOUT THE AUTHOR

...view details