Sexual harassment case in Majuli : সত্ৰৰ প্ৰাক্তন বৈষ্ণৱৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, প’চকো আইনৰ অধীনত গ্ৰেপ্তাৰ - প্ৰাক্তন বৈষ্ণৱৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ
মাজুলী, 21 জুন : মাজুলীৰ ভোগপুৰ সত্ৰৰ প্ৰাক্তন বৈষ্ণৱ তথা বৰ্তমান ভোগপুৰ সত্ৰ ভৱকান্ত দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সংস্কৃত বিষয়ৰ শিক্ষক মাধৱ ভূঞাই বিদ্যালয়খনৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ ওপৰত অসৎ কামনা চৰিতাৰ্থ কৰাৰ চেষ্টা চলোৱাৰ এক ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে । বিদ্যালয়খনৰ বিষয় শিক্ষক মাধৱ ভূঞাই যোৱা 14 জুন বুধবাৰে বিদ্যালয়খনৰ সেৰেঙা উপস্থিতিৰ সুবিধা লৈ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক কম্পিউটাৰ কক্ষলৈ মাতি নি অসৎ কামনা চৰিতাৰ্থ কৰা চেষ্টা চলোৱা বুলি ভুক্তভোগী ছাত্ৰীগৰাকীয়ে অভিযোগ তুলিছে ।
ঘটনা সংঘটিত হোৱাৰ পিচতেই ছাত্ৰীগৰাকীয়ে দিয়া অভিযোগৰ ভিত্তিত ছাত্রীগৰাকীৰ পিতৃয়ে মাজুলী আৰক্ষী থানাত শিক্ষকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতেই 67/23 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি POSCO আইনৰ অধীনত অভিযুক্ত শিক্ষকগৰাকীক আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰি থানালৈ লৈ আনে । উল্লেখযোগ্য যে পূৰ্বতে ভোগপুৰ সত্ৰৰে বৈষ্ণৱ হিচাপে থকা শিক্ষকগৰাকীৰ এনে কাৰ্যই সকলোকে লজ্জানত কৰিছে ।
লগতে পঢ়ক :International Yoga Day : তেজপুৰৰ যোগ দিৱসত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস