অসম

assam

Assam HS result 2023: 490 নম্বৰ লাভ কৰি কলা শাখাত প্ৰথম স্থানত উজ্জ্বলিছে সংকল্পজিৎ শইকীয়া

By

Published : Jun 6, 2023, 10:50 AM IST

প্ৰথম স্থানত উজ্জ্বলিছে সংকল্পজিৎ শইকীয়া

বঢ়মপুৰ, 6 জুন :উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাৰ প্ৰথম স্থানত উজ্জ্বলিছে সংকল্পজিৎ শইকীয়া (Sankalpajit Saikia got 1st position in HS 2023)৷ সৰ্বমুঠ 500 নম্বৰৰ ভিতৰত মুঠ 490 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ ৰামানুজন চিনিঅ’ৰ চেকেণ্ডাৰী স্কুলৰ সংকল্পজিতে ৷ সংকল্পজিতৰ এই সাফল্যত এতিয়া আনন্দৰ জোৱাৰ উঠিছে কামপুৰ চাংচকীৰ বাসগৃহত ( HS result 2023) ৷

প্ৰজিৎ শইকীয়া আৰু বৰ্ণালী মজুমদাৰ শইকীয়াৰ একমাত্ৰ পুত্ৰ সন্তানৰ এই সফলতাত আজি আনন্দিত হৈ পৰিছে কামপুৰবাসী (Assam HS result 2023)। ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হিচাবে ৰাইজৰ সেৱা কৰিবলৈ ইচ্ছা কৃৰ্তী ছাত্ৰজনৰ ৷

লগতে পঢ়ক :Assam HS result 2023 : কলা শাখাত চতুৰ্থ স্থান লাভ শুক্লেন মুং চেতিয়া

ABOUT THE AUTHOR

...view details