অসম

assam

যোৰহাটত অবাধ বালিৰ চিণ্ডিকেটৰাজ

ETV Bharat / videos

Illegal sand syndicate: যোৰহাটত বালিৰ অবাধ ছিণ্ডিকেটৰাজ - General Secretary Jitu Hendique

By

Published : Feb 8, 2023, 8:45 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

যোৰহাট, 8 ফেব্ৰুৱাৰী:যোৰহাটত ছিণ্ডিকেটৰ দপদপনি (Illegal sand syndicate)৷  উত্তৰ পশ্চিম যোৰহাটত ভোগদৈ বালি আৰু ব্ৰহ্মপুত্ৰ পলস কঢ়িওৱা গাড়ীৰ দৌৰাত্ম্যই টোপনি কাঢ়িছে সচেতন মহলৰ (Sand syndicate in Jorhat)৷ বনবিভাগৰ পৃষ্ঠপোষকতাত বালি আৰু পলস খননৰ নামত  বৃহৎ ছিণ্ডিকেটৰাজৰ ঘটনা চলা বুলি অভিযোগ উত্থাপন কৰিছে জিলা ছাত্ৰ সন্থাই ৷  

সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Students Union )সহকাৰী সাধাৰণ সম্পাদক জিতু নেওগে (General Secretary Jitu Hendique) কয় যে যোৰহাট জিলা বন বিভাগৰ লগত গোপন মিতিৰালি কৰি পলস ,বালি আৰু মাটি খনন আৰম্ভ হৈছে ৷ বন বিভাগৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত চৰকাৰক ৰাজহৰ পৰা বঞ্চিত কৰি উত্তৰ পশ্চিম যোৰহাট এলেংমৰা, ওপৰদেউৰী মনাইমাজি,মালৌ খাট ,দিচৈ নগৰৰ,কাৰেং, ১ নং আৰু ২নং স্পাৰৰ পৰা অবাধ হাৰত ভূ মাফিয়াই ভোগদৈৰ বালি আৰু ব্ৰহ্মপুত্ৰৰ পলস খনন আৰম্ভ কৰিছে আৰু ভু মাফিয়াৰ লগত মিতিৰালি কৰি বন বিভাগৰ ৰেঞ্জাৰে বালি আৰু পলসৰ ছিণ্ডিকেট চলাই আহিছে ৷  

লগতে আছুৰ নেতাগৰাকীয়ে কয় যে ইয়াৰোপৰি বালি আৰু পলস খনন কৰাৰ গাড়ীৰ দৌৰাত্ম্যই উত্তৰ পশ্চিম যোৰহাটবাসী ৰাইজক আতংকিত কৰি তুলিছে ৷ এলেংমৰাৰ পৰা মালৌআলি সংযোগী পথছোৱাত মাটি,বালি আৰু পলস কঢ়িওৱা ট্ৰাক আৰু ডাম্পাৰৰ সঘনাই অহা যোৱাৰ ফলত সাধাৰণ ৰাইজে গাড়ী ,মটৰ চাইকেল আৰু চাইকেল লৈ অহাটো কঠিন পৰিছে ৷ বালি কঢ়িওৱা গাড়ীৰ খুন্দাত কাৰ জীৱনলৈ ঘোৰ অমানিশা নামি আনিব সেয়া অনিশ্চিত হৈ পৰিছে ৷  

উক্ত গাড়ীসমূহে ইয়াৰ পৰাৰ মাটি,বালি আৰু পলস নি যোৰহাট নগৰত নিয়মীয়ান হৈ থকা অনুষ্ঠান -প্ৰতিষ্ঠানৰ লগতে যোৰহাট জিলাত নিৰ্মীয়মান ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পেলায় । প্ৰতিখন গাড়ীয়ে এটা টিপত ৪০০০ পৰা ৫০০০ টকাকৈ আদায় লয়। এইদৰে উক্ত ভূ মাফিয়া চক্ৰটোৱে দৈনিক লাখ লাখ টকা উপাজন কৰি আহিছে ।

ফলত বন বিভাগ আৰু পৰিৱহন বিভাগৰ সন্মুখতেই মাটি,বালি আৰু পলস কঢ়িওৱা গাড়ী দৈনিক পাৰ হৈ আহিছে যদিও বৰমূৰীয়াসকলে কমিশ্যন লোৱাৰ বুলি অভিযোগ উত্থাপন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থাকে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে আছুৱে । অচিৰেই জিলাখনত ছিণ্ডিকেটৰাজ নাইকীয়া কৰিবলৈ জিলাখনৰ নৱ-নিযুক্ত উপায়ুক্ত গৰাকীক আহ্বান জনাইছে ছাত্র সন্থাই ।

লগতে পঢ়ক:Air pollution in Guwahati: ভয়ংকৰ বায়ু প্ৰদূষণৰ গ্ৰাসত গুৱাহাটী মহানগৰী

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details