অসম

assam

বৰমাত শোকৰ ছাঁ

ETV Bharat / videos

Traggic Accident in Meghalaya : বৰমাৰ ছেইণ্ট জনছ স্কুলত শোকাকুল পৰিৱেশ; দুৰ্ঘটনাত ফাদাৰসহ 6 জনৰ মৃত্যু

By

Published : Feb 27, 2023, 5:30 PM IST

Updated : Feb 27, 2023, 9:14 PM IST

বাক্সা, ২৭ ফেব্ৰুৱাৰী : শ্বিলঙৰ নংপোত ২৬ ফেব্ৰুৱাৰী দেওবাৰে বিয়লি সংঘটিত ভয়ানক পথ দুৰ্ঘটনাত মৃত্যু হয় বৰমাৰ ছেইণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ফাদাৰসহ ৬ জনকৈ ব্যক্তিৰ (Tragic Accident in Meghalaya) । AS-26-B-7908 নম্বৰৰ বলেৰো বাহনেৰে বৰমাৰ পৰা শ্বিলঙলৈ গৈছিল ফাদাৰসহিতে ৬ জনকৈ ব্যক্তি (Barama school father death in Meghalaya accident) । বিদ্যালয়খনৰ ফাদাৰ মেথিউ দাস, প্ৰধান শিক্ষয়িত্ৰী মিলগ্ৰীণ ডেণ্টেচ , শিক্ষক মাইৰণ ৰেঞ্জাৰ, ছিষ্টাৰ ৱৰ্কাৰ প্ৰমিলা তিৰ্কী, ছিষ্টাৰ ৰ'জী ননগ্ৰীণ আৰু গাড়ীচালক সঞ্জয় স্বৰ্গীয়াৰী নিহত (Baksa school bus accident in Meghalaya) ।

ইফালে ঘটনাৰ খবৰ লাভ কৰাৰ পিচতেই শোকাকুল পৰিৱেশৰ সৃষ্টি হয় বৰমাৰ ছেইণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ চৌহদত । বিদ্যালয়খনৰ ফাদাৰ মেথিউ দাস বৰ অমায়িক স্বভাৱৰ লগতে সকলোৰে প্ৰিয়ভাজন আছিল বুলি জানিবলৈ দিয়ে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে (St Johns HS School Barama) ৷  

উল্লেখ্য, দেওবাৰে মেঘালয়ৰ ৰি-ভই জিলাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো (tragic accident of Barama school bus of Baksa) । তেওঁলোকে গৈ থকা বাহনখনত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত এই ভয়ানক দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰাপ্ত খবৰ অনুসৰি, চিমেণ্ট কঢ়িওৱা ট্ৰাক এখনে ভুক্তভোগীসকলৰ বলেৰো বাহনখনত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ।

চিমেণ্টভৰ্তি ট্ৰাকখন গুৱাহাটী অভিমুখে আহি থকাৰ সময়ত চালকজনে মেঘালয়ৰ চুমেৰত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে । তাৰ পিচত বিপৰীত লেনলৈ গৈ আনটো দিশৰ পৰা অহা বলেৰো গাড়ীখনক খুন্দা মাৰে । ফলত তিনিগৰাকী নান, এগৰাকী ফাদাৰ আৰু চালকসহ গাড়ীখনত থকা ছয়জন আৰোহীৰ আটাইকেইজনেই ঘটনাস্থলীতে নিহত হয় ।

ইফালে, এই শোকাৱহ ঘটনাত দুখ প্ৰকাশ কৰি বঙাইগাঁৱৰ বিশ্বপ থমাছ পুল্লোপিল্লিলে লিখিছে, "অতি দুখৰ সৈতে মই আপোনালোকক জনাব বিচাৰোঁ যে বৰমা পেৰিছৰ ফাদাৰ আৰু বাগানপাৰাৰ ফাতিমা কনভেণ্টৰ তিনিগৰাকী ছিষ্টাৰ আৰু বৰমা ছেইণ্ট জনছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ এগৰাকী শিক্ষক আৰু চালকৰ সৈতে মেঘালয়ৰ ওচৰত এক মাৰাত্মক দুৰ্ঘটনাত পতিত হয় । ছিষ্টাৰ মেলাগ্ৰিন ডাণ্টেছ, প্ৰমিলা টিৰ্কি, ৰোচি ননগ্ৰুম, মাইৰান (এগৰাকী শিক্ষক), চালকজন আৰু ফাদাৰ মেথিউৰ ঘটনাস্থলীতে মৃত্যু হয় ।"

লগতে পঢ়ক :Public attack forest officer : বন বিভাগৰ লোকৰ ওপৰত আক্ৰমণ স্থানীয় ৰাইজৰ

Last Updated : Feb 27, 2023, 9:14 PM IST

ABOUT THE AUTHOR

...view details