অসম

assam

নন্দেশ্বৰ দৈমাৰীলৈ ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা ঘোষণা

ETV Bharat / videos

ওদালগুৰিৰ নন্দেশ্বৰ দৈমাৰীলৈ ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা ঘোষণা - ওদালগুৰিৰ নন্দেশ্বৰ দৈমাৰী

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 7:45 PM IST

ওদালগুৰি, 20 ডিচেম্বৰ : বড়ো সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ওদালগুৰিৰ নন্দেশ্বৰ দৈমাৰীক ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা প্ৰদান কৰা হৈছে ৷ বুধবাৰে ঘোষণা কৰা হয় ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা ৷ ২০২১ চনত প্ৰকাশিত "জিউ সফৰনি দাখোন" নামৰ বড়ো ভাষাত লিখা গ্ৰন্থখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে নন্দেশ্বৰ দৈমাৰীলৈ । ওদালগুৰি জিলা আম্বাগাঁও জকৰাগাঁৱৰ নিবাসী নন্দেশ্বৰ দৈমাৰী । মুঠ ১৩টা গল্পৰে ৰচিত জিউ সফৰনি দাখোনৰ অৰ্থ হৈছে "জীৱন যাত্ৰাৰ প্ৰত্যাহ্বান" ৷

অসমীয়া ভাষাতো তেওঁৰ তিনিখনকৈ কিতাপ ইতিমধ্যে প্ৰকাশ হৈছে ৷ জনোৱা মতে তেওঁৰ বহু অসমীয়া ভাষাৰ কিতাপ এতিয়াও আধৰুৱা অৱস্থাত আছে ৷ টকা-পইচাৰ অভাৱৰ কথাও তেওঁ উল্লেখ কৰে ৷ কিতাপ এখন লেখি উঠাৰ সমান আনন্দ তেওঁ আন কতো বিচাৰি নাপায় বুলি মন্তব্য কৰে ৷  কিতাপ এখন লিখা সন্দৰ্ভত তেওঁ কয় যে গোটেই ৰাতিটো বহি কিতাপ লিখাৰ অভিজ্ঞতাও তেওঁৰ আছে ৷ কিতাপ লিখি হোৱাৰ অন্তত ফূৰ্তিতে চিঞৰি চিঞৰি গান গাই বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ পিছে আজিকালি তেওঁ কলম নধৰে ৷ মোবাইলতে লিখে আৰু তাকেই ফেচবুকত দি দিয়ে ৷

লগতে পঢ়ক :ড৹ প্ৰণৱজ্যোতি ডেকালৈ ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমি বঁটা

ABOUT THE AUTHOR

...view details