অসম

assam

Sahitya Akademi Award 2022: বঁটা লাভ কৰি উৎফুল্লিত জুৰি দত্ত

By

Published : Dec 22, 2022, 7:29 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

তেজপুৰ বিশ্ববিদ্যালয়ৰ(Tezpur University) সহাকাৰী অধ্যাপিকা জুৰি দত্তলৈ(Juri Dutta) সাহিত্য অকাডেমী অনুবাদ বঁটা 2022(Sahitya Akademi Award 2022) । ‘কচাৰেথি’ নামৰ মালয়ালম উপন্যাসৰ অসমীয়া অনুবাদ ‘কচাৰেথি: আৰায়া নাৰী’(Kocharethi: Araya Nari) নামৰ গ্ৰন্থখনৰ বাবে লাভ কৰিছে সাহিত্য অকাডেমী অনুবাদ বঁটা ৷ উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ জুৰি দত্ত ৷ এই বঁটা লাভ কৰি যথেষ্ট উৎফুল্লিত হৈ পৰা বুলি সংবাদমাধ্যমৰ আগত উল্লেখ কৰে লেখিকাগৰাকীয়ে ৷ ইতিমধ্যেই জুৰি দত্তৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে ৷ তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহ হ’ল, ‘কিউবাৰ উপকূলত সপোন দেখা ছোৱালীজনী’, ‘Ethnicity in the Fiction of Lumer Dai and Yeshe Dorjee Thongchi’, ‘Ethinic worlds in select Indian Fiction’, ‘সাহিত্য, সমাজ আৰু সাহিত্যতত্ব’ ইত্যাদি ৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details