Safai karamchari on hunger strike:চচলত চতুৰ্থ দিনাও পি পি কিট পিন্ধি চাফাই কৰ্মীৰ আমৰণ অনশন - গুৱাহাটী
Published : Sep 14, 2023, 8:04 PM IST
গুৱাহাটী, ১৪ চেপ্টেম্বৰ : নায্য প্ৰাপ্তিৰ দাবীত চচলত চতুৰ্থ দিনাও প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে চাফাই কৰ্মীসকলে । ক’ৰণাকালীন সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ কৰি কোৱাৰাইণ্টাইন চেণ্টাৰ, ক’ভিড হাস্পতালত চাফাই কৰ্মী হিচাপে জড়িত থকা কৰ্মচাৰীসকলক চৰকাৰে নিযুক্তি দিয়াৰ দাবী তুলি প্ৰচণ্ড গৰমকো নেওচি পি পি কিট পিন্ধি একেলেথাৰিয়ে প্ৰতিবাদ সাব্যস্ত কৰি আছে তেওঁলোকে ।
সদৌ অসম ক’ভিড-১৯ চাফাই কৰ্মী সন্থাৰ উদ্যোগত প্ৰতিবাদকাৰীসকলে ১,৩২৪ গৰাকী চাফাই কৰ্মীক চৰকাৰী বিভাগত পুনৰ নিযুক্তি দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে । ইফালে মহাত্মা গান্ধী, কনকলতা, শ্ৰীমন্ত শংকৰদেৱৰ ছবি সন্মুখত ৰাখি আমৰণ অনশনত বহে কৰুণা কান্ত পাঠক নামৰ এগৰাকী চাফাই কৰ্মী । চৰকাৰৰ সুমতি বিচাৰি গীতা-ভাগৱত পাঠ কৰিছে তেওঁ ।
সদৌ অসম ক’ভিড-১৯ চাফাই কৰ্মীৰ নেতৃবৃন্দই কয় যে, ২০২০ চনৰ ১৭ এপ্ৰিলত তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইসকল চাফাই কৰ্মীক নিযুক্তি দিছিল । কিন্তু ক’ভিড পৰিস্থিতি শাম কটাৰ পিচত কোনো আগতীয়া জাননী নিদিয়াকৈ এই চাফাই কৰ্মীসকলক হঠাৎ কামৰ পৰা অব্যাহতি দিয়াত এতিয়া মূৰৰ ওপৰত সৰগ ভাঙি পৰিছে চাফাই কৰ্মীসকলৰ ।
লগতে পঢ়ক :Safai karamchari protest: চচলত পি পি কিট পৰিধান কৰি ভাগৱত পাঠেৰে চাফাই কৰ্মীৰ আমৰণ অনশন