অসম

assam

সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ

ETV Bharat / videos

Demand for cancellation of NPS : লখিমপুৰত পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত প্ৰতিবাদ - Demand for OPS in Assam

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 8:48 PM IST

লখিমপুৰ, ৭ অক্টোবৰ:সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত আজি ৰাজ্যৰ প্ৰতিখন জিলা সদৰত কৰ্মচাৰী পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন ব্যবস্থা বাহাল ৰখাৰ দাবীত পৰিষদে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । ৰাজ্যৰ আন জিলাৰ সমান্তৰালভাৱে লখিমপুৰতো কৰ্মচাৰী পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । কৰ্মচাৰী পৰিষদে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ।

উল্লেখ্য় যে বিগত ২০০৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা নতুন পেন্সন নীতি কাৰ্যকৰী কৰাৰ পৰাই কৰ্মচাৰী পৰিষদে এই দিনটো কলা দিৱস হিচাপে পালন কৰি অহা বুলি ক্ষোভ প্রকাশ কৰে কৰ্মচাৰী সকলে । ২০২২ চনত ৰাজ্য চৰকাৰৰে কৰ্মচাৰী পৰিষদে কৰা আলোচনা কালত চৰকাৰে বিষয়টো কেন্দ্রীয় চৰকাৰৰ আওতাতহে আছে বুলি গা এৰা দিয়া বুলি খেদ প্ৰকাশ কৰি তেওঁলোকে কয় যে কৰ্মচাৰী পৰিষদৰ ৩৭ সংখ্যক প্ৰতিনিধি সভাই যেতিয়ালৈ নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰখাৰ ব্যবস্থা নকৰে সেই পৰ্যন্ত কৰ্মচাৰী পৰিষদে আন্দোলন চলাই যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।  

সেইমৰ্মে শনিবাৰে ৰাজ্যজুৰি পৰিষদে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । নতুন পেন্সন নীতিয়ে কৰ্মচাৰী সকলৰ ভবিষ্যৎ অন্ধকাৰ কৰি তুলিছে বুলি ক্ষোভ প্ৰকাশ কৰি যেতিয়ালৈকে পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তন নকৰে তেতিয়ালৈকে কৰ্মচাৰী পৰিষদে আন্দোলন অব্যাহত ৰাখিব বুলি চৰকাৰক সকীয়াই দিয়ে ।

লগতে পঢ়ক:Demand for cancellation of NPS: নতুন পেন্সন নীতি বাতিলৰ দাবীত বঙাইগাঁৱত কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details