অসম

assam

অমৰৰপুৰ দিবাং ঘাটত নাও দুৰ্ঘটনা

ETV Bharat / videos

Boat Accident: দিবাং নদীত সন্ধানহীন বাহন উদ্ধাৰ

By

Published : May 4, 2023, 6:23 PM IST

জোনাই, ৪মে :শদিয়া মহকুমাৰ অন্তৰ্গত অমৰৰপুৰ দিবাং ঘাটত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ নাও দুৰ্ঘটনা (Boat Accident in Dibang River)। শদিয়া খ্ৰীষ্টানবস্তিৰ সমীপৰ দিবাং চাপৰিৰ পাৰঘাটৰ পৰা অমৰপুৰ দিবাং ঘাটলৈ তিনিখন চাৰিচকীয়া বাহন, দুখন মটৰ চাইকেল আৰু ২৬ গৰাকী যাত্ৰী কঢ়িয়াই লৈ যোৱা যন্ত্ৰ চালিত এখন নাও অমৰপুৰ পাৰঘাটৰ ওচৰ চপাৰ সময়তে দুৰ্ঘটনা সংঘটিত হয় ।

এই দুৰ্ঘটনাত যন্ত্ৰ চালিত নাৱত থকা যাত্ৰীসকলৰ কথমপি প্ৰাণৰক্ষা পৰে যদিও ইঞ্জিন চালিত নাওখনৰ সৈতে তিনিখন চাৰিচকীয়া বাহন আৰু দুখন মটৰচাইকেল ডুব যায় দিবাং নদীৰ বুকুত । ইফালে, দিবাং নদীত ডুব যোৱা বাহনসমূহ উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে  ডুব যোৱা এখন বাহন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰীসকলে  ৷ সন্ধানহীন চাৰিচকীয়া বাহনৰ লগতে  মট ৰচাইকেল উদ্ধাৰৰ বাবে ব্যাপক অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Boat Accident: দিবাঙৰ বুকুত নাও দুৰ্ঘটনা; সন্ধানহীন বহুকেইগৰাকী যাত্ৰী

ABOUT THE AUTHOR

...view details