অসম

assam

ETV Bharat / videos

Balisatra Sabah Mahotsav: ৰঙিয়াৰ বালিসত্ৰত সবাহ মহোৎসৱ আয়োজন - Sabah Mahotsav held at Balisatra

By

Published : Feb 1, 2023, 3:46 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ৰঙিয়া, 1 ফেব্ৰুৱাৰী:ভক্তৰ সমাহাৰেৰে অমৃতপুৰীলৈ পৰিণত হৈছে ৰঙিয়াৰ বালিসত্ৰ (Balisatra Sabah Mahotsav) ৷ ৰঙিয়াৰ বালিসত্ৰত মঙলবাৰৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে নামনি অসমৰ অন্যতম অসমীয়া পৰম্পৰাৰ ধৰ্মীয়, আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচী সবাহ মহোৎসৱ (Sabah Mahotsav held at Balisatra at Rangia) ৷  

বালিসত্ৰত আয়োজন কৰি অহা এই ৫০০ বছৰ পুৰণি এই পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানটিত ২০ সহস্ৰাধিক ভক্তই ওৰে নিশা আৰিয়া প্ৰজ্বলন কৰে । দিনটো উপবাসে থাকি সন্ধিয়াৰ পৰা ভক্ত সকলে সৰিয়হ, তেল আৰু শংকু আকৃতিৰ শলিতাৰে গোলাকৃতিৰ চাকিত বন্তি প্ৰজ্বলন কৰি কলগছৰ ওপৰত আৰিয়া প্ৰজ্বলন কৰে ।  

সম্প্ৰতি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক ভক্তৰ এই আৰিয়া প্ৰজ্বলনৰ দৃশ্যই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে । লোক বিশ্বাস অনুসৰি এনেদৰে আৰিয়া প্ৰজ্বলন কৰিলে ভক্তৰ মনোবাঞ্চা পূৰ্ণ হয় । এই বিশ্বাসৰ বাবেই প্ৰতিবছৰে বালিসত্ৰৰ সবাহ মহোৎসৱত হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে । এক আধ্যাত্মিক মনোভাৱেৰে ভক্তপ্ৰাণ লোকে অতি শৃংখলাবদ্ধভাৱে পৰম্পৰাগত নীতি-নিয়মেৰে এই মহোৎসৱটি পালন কৰি আহিছে । ইয়াৰ আন এটা বৈশিষ্ট্য হৈছে সিধা গ্ৰহণ কৰা ।  

সবাহৰ সময়ত উপবাসে থাকি আৰিয়া প্ৰজ্বলন কৰা ভক্তৰ বাবে নিৰামিষ আহাৰৰ ব্যৱস্থা কৰে স্থানীয় লোকে ৷ বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা সৎসংগী সত্ৰৰ এই ধৰ্মীয় মহোৎসৱটিয়ে সমগ্র অঞ্চলটোতে এক আনন্দ-মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে ।

বালিসত্ৰ অসমৰ এখন প্ৰাচীনতম সত্ৰ (Oldest Satra of Assam Balisatra) । খৃষ্টীয় ষষ্ঠদশ শতিকাৰ প্ৰথম ভাগত মুৰাৰি মিশ্ৰদেৱে এই সত্ৰ স্থাপন কৰে।সেই দিন ধৰি আজিলৈকে সত্ৰখনিয়ে ভাগৱত বৈষ্ণৱধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দ্বাৰা অসমীয়া সমাজ গঠন আৰু সংস্কৃতি বিকাশত অমূল্য বৰঙণি আৰু আগবঢ়াই আহিছে ।নিত্য -নৈমিত্তিক পূজা -অৰ্চনা, নাম-প্ৰসংগাদিৰ উপৰিও সত্ৰত বহুতো বাৰ্ষিক উৎসৱ উদযাপন কৰাৰ ব্যৱস্থা আছে । প্ৰতি বছৰে মাঘ মাহৰ ভীস্ম একাদশীত ৫ দিনীয়া ৰাজহুৱাভাৱে সভা অনুষ্ঠিত কৰা হয়।

লগতে পঢ়ক:Srimanta Sankardev Sangha conference: শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও শাখাৰ 46 সংখ্যক অধিবেশনৰ সামৰণি

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details