Rupjyoti slams opposition: অহা 30 বছৰলৈ শাসনলৈ আহিব নোৱাৰে বিৰোধী: ৰূপজ্যোতি কুৰ্মী - Assam assembly 2023
গুৱাহাটী, 30 মাৰ্চ:বিধানসভাৰ অধিৱেশনত বৃহস্পতিবাৰে কৰ্তন প্ৰস্তাৱৰ বিপক্ষে যুক্তি আগবঢ়ায় সদনত ৰুদ্ৰৰূপ ধাৰণ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Assam assembly 2023) ৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিজেপি চৰকাৰৰ সুশাসন আৰু উন্নয়নৰ গুণানুকীৰ্তন কৰে । তাৰ মাজতে বিৰোধীৰ একাংশ বিধায়কে মাত দিয়াত ৰূপজ্যোতি কুৰ্মীয়ে চিঞৰি চিঞৰি সদনত বিৰোধীক কঠোৰ সমালোচনা কৰে (Rupjyoti Kurmi slams opposition) ।
বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে পূৰ্বৰ চৰকাৰে নকৰা কাম কৰি আছে এইখন চৰকাৰে ৷ অহা ৩০ বছৰলৈ বিৰোধী শাসনলৈ আহিব নোৱাৰে বুলি মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ ৷ কথা ক’বলৈ নিদিলে কাগজ ফলা আৰু মাইক ভাঙি দিয়াৰ হুংকাৰ বহুবল্কী বিধায়ক ৰূপজ্যোতিৰ ৷
লগতে পঢ়ক:Spy in APCC: কংগ্ৰেছৰ ভিতৰৰ খবৰ পায় মুখ্যমন্ত্ৰীয়ে; ড৹ শৰ্মাৰ অভিযোগকলৈ সৰব কংগ্ৰেছ