অসম

assam

Assam Gymnastics Association : অসম জিমনষ্টিক সন্থাৰ সভাপতি পদত পুনৰ ৰূপক শৰ্মা

By

Published : Feb 12, 2023, 10:48 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

Rupak Sarma

নগাঁও, ১২ ফেব্ৰুৱাৰী :অসম জিমনাষ্টিক সন্থাৰ সভাপতি পদত পুনৰ ৰূপক শৰ্মা (Rupak Sarma new president of AGA) । দেওবাৰে নগাঁও আৱৰ্ত ভৱনত অনুষ্ঠিত হয় অসম জিমনাষ্টিক সন্থাৰ বার্ষিক সাধাৰণ সভা (general meeting of Assam Gymnastics Association) । এই সভাতে গঠন হয় অসম জিমনাষ্টিক সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতি । আনহাতে, এই বাৰ্ষিক সাধাৰণ সভাতে অসম জিমনাষ্টিক সন্থাৰ সভাপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হয় নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিজেপি নেতা ৰূপক শৰ্মা (Nagaon MLA Rupak Sarma) ।

অসম জিমনাষ্টিক সন্থাৰ নিৰ্বাচনৰ বাবে নিয়োজিত ৰিটার্নিং বিষয়া তথা অধিবক্তা জ্যোতি নাৰায়ণ শ‍ইকীয়াৰ প্ৰতিবেদনৰ উদ্ধৃতি দি সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱাই জনোৱা অনুসৰি, কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়া আৰু সদস্যৰ প্ৰতিটো পদৰ বিপৰীতে মাথোঁ এজনকৈ প্ৰাৰ্থীয়েহে মনোনয়ন দাখিল কৰাৰ ফলত সকলো প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বিচিত হয় । বিধায়ক ৰূপক শৰ্মা (Assam Gymnastics Association president Rupak Sarma) আৰু উজ্জ্বল বৰুৱা পুনৰ ক্ৰমে সভাপতি আৰু সাধাৰণ সম্পাদকৰূপে নির্বিচিত হয় ।

আনহাতে, সন্থাৰ পৰৱৰ্তী কোষাধ্যক্ষ হিচাপে নির্বাচিত হয় মানস প্রতীম দাস । উপ-সভাপতিৰ পদত নিৰ্বাচিত হয় এইচ কে এম ৰহমান, ৰাণা খান, অঞ্জলী চেতিয়া আৰু তাপস ভাৱাল । যুটীয়া সম্পাদকৰ পদত নির্বাচিত হয় ইভা দত্ত, গিৰিমা শ‍ইকীয়া, মিনু বৰুৱা আৰু কৌস্তভ কাশ্যপ গগৈ । ইফালে ধৰ্মেশ্বৰ বৰদলৈ, যতীন বৰদলৈ, ৰাজেন ভূঞা, পাৰ্থ প্ৰতিম ভৰালী, দীপক দাস আৰু পৰশমণি দাস সন্থাৰ নতুন সমিতিখনৰ কাৰ্যনিৰ্বাহক সদস্যৰূপে নির্বাচিত হয় ।

মন্ত্রী পীযুষ হাজৰীকাক (minister Pyjush Hazarika) অসম জিমনাষ্টিক সন্থাই প্রধান পৃষ্ঠপোষক আৰু প্ৰবীণ ক্রীড়া সংগঠক প্ৰদীপ কুমাৰ হাজৰিকাক মুখ্য পৰামৰ্শদাতাৰ দায়িত্ব অর্পণ কৰে । উল্লেখ্য, আগন্তুক চাৰি বছৰৰ বাবে নৱ-নিৰ্বাচিত অসম জিমনাষ্টিক সন্থাৰ সমিতিখনে ২০২৭ চনলৈকে কাৰ্যনিৰ্বাহ কৰিব ।

লগতে পঢ়ক :Gaurav Gogoi as cricketer: নগাঁৱত ক্ৰিকেটাৰ ৰূপত সাংসদ গৌৰৱ গগৈ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details