RTI commissioner Bhaskar jyoti Mahanta: RTIৰ নামত ব্লেকমেইলিঙৰ প্ৰশ্ৰয় লোৱাসকলক IPC অধীনত গ্ৰেপ্তাৰ কৰা হ’ব ! - বঙাইগাঁও আৰক্ষী সন্মিলন কেন্দ্ৰ
বঙাইগাঁও, ১৭ আগষ্ট: "RTI ৰ নামত দুই নম্বৰী বহুত ওলায় । RTIৰ নামত বহুতে ধান্দাবাজী কৰে । ৱেৱ চেনেলো আছে । মই ইতিমধ্যে আৰক্ষী অধীক্ষকসকললৈ লিখিছোঁ । শাস্তি দিয়া হ‘ব RTI ৰ নামত ধান্দাবাজী কৰাসকলক । গতিকে সকলো সাৱধান হ’ব লাগে ৷" এই সকীয়নী ৰাজ্যিক মূখ্য তথ্য আয়ুক্ত তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ ৷ বঙাইগাঁও আৰক্ষী সন্মিলন কেন্দ্ৰত বৃহস্পতিবাৰে অনুষ্ঠিত RTI সম্পৰ্কীয় কৰ্মশালাৰ সঞ্চালনা কৰি এই মন্তব্য কৰে ৰাজ্যিক তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তই ।
বঙাইগাঁও আৰক্ষী সন্মিলন কেন্দ্ৰত অনুষ্ঠিত উক্ত কৰ্মশালাত প্ৰাক্তন ৰাজ্যিক তথ্য আয়ুক্ত ডাঃ সমুদ্ৰ গুপ্ত কাশ্যপ, বঙাইগাওঁ জিলা আয়ুক্ত নৱদ্বীপ পাঠক লগতে বঙাইগাঁও, চিৰাং, ধুবুৰী আৰু কোকৰাঝাৰৰ বিভাগীয় বিষয়া, কৰ্মচাৰীসকল উপস্থিত আছিল । তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তই RTI তথ্য দিয়াত বিলম্ব হোৱাটো ডাঙৰ কথা নহয় কিন্তু তথ্য শুদ্ধ হ’ব লাগে বুলি উল্লেখ কৰি তথ্য প্ৰদান কৰোতে যাতে ভুল নহয় তাৰবাবে গুৰুত্ব দিয়া হয় বুলি জানিবলৈ দিয়ে ।
তেওঁ লগতে বিলম্ব হোৱাতকৈ মনোবৃত্তিটোহে অধিক গুৰুত্বপূৰ্ণ বুলি কৈ ৰাইজক সহায় কৰাৰ মানসিকতা নাথাকিলে সেইটো গ্ৰহণযোগ্য নহয় বুলি সদৰী কৰে ৷ মহন্তই লগতে RTIৰ নামত ধান্দাবাজী কৰাসকলক ভাৰতীয় দণ্ডবিধি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষী অধীক্ষকসকললৈ পত্ৰ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:Mid-day Meal scandal in Majuli: শিশুৰ মুখৰ ভাত কাঢ়ি খোৱাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে