বাস্তৱত ভিন্নতা দেখিলেও সকলোৰে মূল এটাই : মোহন ভাগৱত - RSS chief Mohan Bhagwat
Published : Dec 29, 2023, 8:05 PM IST
মাজুলী, ২৯ ডিচেম্বৰ : তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীলৈ অহা RSSৰ প্ৰধান মোহন ভাগৱতে ভ্ৰমণৰ আজি তৃতীয়টো দিনত পুৱা ঐতিহাসিক আউনিআটি সত্ৰত সেৱা লয় । ইয়াৰ পিচতেই সত্ৰাধিকাৰ চ’ৰাত RSS ৰ প্ৰধানগৰাকীক আদৰণি জনায় সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে । তেওঁ ঐতিহাসিক সত্ৰখনত মাটি আখৰা উপভোগ কৰে । ইয়াৰ পিচত মাজুলীৰ গড়মূৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে মোহন ভাগৱতে । ভাষণ প্ৰসংগত তেওঁ কয় যে ভাৰতীয়সকলে সত্য়ৰ অন্বেষণ কৰিছে । এতিয়া সকলোৱে বুজি পাইছে যে অস্তিত্ব এক । এই বাস্তৱত ভিন্নতা দেখিলেও সকলোৰে মূল এটাই ।
উল্লেখ্য় যে যোৱা বুধবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় RSSৰ প্ৰধানগৰাকী । কালি দিনৰ ভাগত উত্তৰ কমলাবাৰী সত্ৰত উত্তৰ পূৱৰ ১০০ গৰাকী ধৰ্মগুৰু উপস্থিত থকা এখন সন্মিলনত অংশগ্ৰহণ কৰে । এই সন্মিলনৰ পাছত সন্ধিয়া দাক্ষিণপাট সত্ৰ দৰ্শন কৰে । RSS ৰ প্ৰধান মোহন ভাগৱতে মাজুলীৰ কেইবাখনো সত্ৰ দৰ্শন কৰে । নদীদ্বীপ মাজুলীৰ সত্ৰসমূহ দৰ্শন কৰি অভিভূত হৈ পৰিছে RSS ৰ প্ৰধানগৰাকী ৷
লগতে পঢ়ক:মাজুলীৰ সত্ৰসমূহ দৰ্শন কৰি অভিভূত RSS প্ৰধান মোহন ভাগৱত