অসম

assam

মহানগৰীত পুনৰ গাড়ীৰ গ্লাচ ভাঙি লুটিলে ৩ লাখ টকা

ETV Bharat / videos

Robbery incident: মহানগৰীত পুনৰ দিন দুপৰতে গাড়ীৰ গ্লাচ ভাঙি লুটি নিলে ৩ লাখ টকা - দিন দুপৰতে ধন লুটৰ ঘটনা

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 7:51 PM IST

গুৱাহাটী, ১১ ছেপ্টেম্বৰ : পুনৰ মহানগৰীত দিন দুপৰতে ধন লুটৰ ঘটনা সংঘটিত হৈছে । গাড়ীৰ গ্লাচ ভাঙি লুটি নিলে ৩ লাখকৈ টকা । মহানগৰীৰ আমবাৰীৰ পূৰাতত্ত্ব বিভাগৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে দুপৰীয়া বিনোদ দাস নামৰ লোকজনে জু ৰোডৰ ICICI বেংকৰ পৰা উলিয়াই আনিছিল তিনি লাখকৈ টকা । তাৰ পিচতে আমবাৰীৰ পুৰাতত্ত্ব বিভাগৰ সমীপত হোণ্ডা ইমেজ বাহনখন ৰাখি আত্মীয়ৰ খবৰ ল’বলৈ গৈছিল। প্ৰায় ১৫ মিনিটৰ ভিতৰত ঘূৰি আহিছিল লোকজন । 

ইয়াৰ পিচতে তেওঁ ঘূৰি আহি দেখে যে, গাড়ীৰ গ্লাচ ভাঙি দুৰ্বৃত্তৰ দলে গাড়ীৰ চিটৰ তলত ৰাখি থোৱা টকাখিনি লৈ উধাও হয়। এই ঘটনাৰ পিচতে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । বিনোদ দাসক বেংকৰ পৰা ধন উলিয়াই অনাৰ পৰাই দুৰ্বৃত্তই অনুসৰণ কৰি আহিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

লগতে পঢ়ক:child sell by parents: এক লাখ টকাত পিতৃ-মাতৃয়ে বিক্ৰী কৰিলে দুটি দেৱশিশুক

ABOUT THE AUTHOR

...view details