উত্তৰ গুৱাহাটীত ১৫ কোটি টকাৰ ড্ৰাগছ জব্দ, শূণ্যলৈ গুলীচালনা আৰক্ষীৰ
Published : Nov 28, 2023, 1:51 PM IST
উত্তৰ গুৱাহাটী, ২৮ নৱেম্বৰ : ক্ৰমাৎ ড্ৰাগছৰ সৰবৰাহৰ কৰিডৰলৈ পৰিণত হৈছে গুৱাহাটী ৷ মঙলবাৰে উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপাৰাত মহানগৰ আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ ড্ৰাগছ সৰবৰাহকাৰীক ধৰিবলৈ শূণ্যলৈ গুলীচালনা কৰে মহানগৰ আৰক্ষীয়ে ৷ আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ ।
এক গোপন সূত্ৰৰ পম খেদি DIG পাৰ্থ সাৰথি মহন্ত আৰু কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত আজি পুৱা উত্তৰ গুৱাহাটীৰ ভেটামুখত চলিছিল এই অভিযান । আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহকাৰীকেইটাই পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ৷
পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুটা ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে চনু আলী আৰু অৰ্জুন বাচফৰক আটক কৰে । সৰবৰাহকাৰী দুটা গুৱাহাটীৰ গাড়ীগাঁও অঞ্চলৰ বুলি জানিবলৈ পৰা গৈছে ৷ ড্ৰাগছখিনি চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা সৰবৰাহ কৰা হৈছিল । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত দুখন বাহনো জব্দ কৰিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:Elephant menace : চকুৰ টোপনি নাইকিয়া কৰিছে বন্যহস্তীয়ে